গণ বাৰ্তা, তামাৰহাট, ১ জুন ঃ চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিনামূলীয়াকৈ যোগান ধৰা পি ডি এছৰ চাউল সমূহ একাংশ সমবায় সমিতিৰ বিষয়া তথা সুলভ মূল্যৰ দোকানীয়ে নিজৰ পকেট গৰম কৰাৰ বাবে দুখীয়া ৰাইজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি চোৰাংভাৱে ক’লা বেহা অব্যাহত ৰাখিছে ৷ তাৰে ফলস্বৰূপে যোৱানিশা অসম-বংগ সীমান্তত চলি থকা চাউলৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই কোকৰাঝাৰ জিলাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আৰক্ষী চকীৰ অন্তৰ্গত জাকবপুৰ নামৰ ঠাইত অবৈধ চাউলভৰ্তি এখন মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে চোৰাং চাউল ব্যৱসায়ীৰ চক্ৰ এটাই ডব্লিউ বি ৬৩ এ ৩৩১০ নম্বৰৰ মিনি ট্ৰাক এখনত ৩০ বস্তা পি ডি এছৰ চাউল বোজাই কৰি প্ৰস্তাৱিত ১২৭[বি] ঘাইপথেৰে শ্ৰীৰামপুৰ হৈ পশ্চিমবংগৰ বাৰোবিশা অভিমুখে গৈ আছিল৷ ইপিনে, উক্ত খবৰ লাভ কৰি গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই তীব্ৰ বেগেৰে গৈ থকা মিনি ট্ৰাকখন জব্দ কৰি ট্ৰাকখনত তালাচী কৰোঁতে কাগজ-পত্ৰবিহীন ৩০টা বস্তাত ১৫ কুইণ্টল চাউল ওলাই পৰে৷ পিছত আৰক্ষীৰ দলটোৱে চালকসহ চাউলভৰ্তি বাহনখন আৰক্ষী চকীলৈ নিয়ে৷ আৰক্ষীয়ে চাউলসহ বাহন খন জব্দ কৰাৰ লগতে বাহনখনৰ চালক, পশ্চিমবংগ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগঞ্জ থানাৰ অন্তৰ্গত পাকৰিগুৰি গাঁৱৰ সন্তোষ দাসৰ পুত্ৰ কাঞ্চন দাসক আজি কোকৰাঝাৰৰ জে’ললৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিনামূলীয়া চাউলক কেন্দ্ৰ কৰি অসম-বংগ সীসান্তত গঢ়ি উঠিছে অবৈধ চাউল ব্যৱসায়ী চক্ৰ৷ উক্ত চক্ৰটোৱে পশ্চিমবংগৰ গাতে লাগি থকা ধুবুৰী জিলা আৰু বিটিচিৰ কোকৰাঝাৰ জিলাৰ অসাধু ব্যৱসায়ীসকলৰ সহযোগত জমা কৰি ৰখা পিডিএছৰ চাউলসমূহ অঞ্চলটোৰ বিভিন্ন পক্ষক মেনেজ কৰি পশ্চিমবংগৰ বাৰোবিশালৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে৷