Home Main Stories বলিউডৰ জনপ্ৰিয় গায়ক কে কেৰ মৃত্যুৰ তদন্ত আৰম্ভ : আজি মুম্বাইত সম্পন্ন...

বলিউডৰ জনপ্ৰিয় গায়ক কে কেৰ মৃত্যুৰ তদন্ত আৰম্ভ : আজি মুম্বাইত সম্পন্ন হ’ব শেষকৃত্য

140
0


কলকাতা, ১ জুন ঃ
যাদুকৰী কণ্ঠৰে কোটি কোটি জনতাৰ মন জয় কৰা প্ৰখ্যাত কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নথ চমুকৈ কে কেয়ে হঠাৎ কালি কলকাতাত সংগীতানুষ্ঠানত গীত পৰিৱেশ কৰি থকাৰ সময়ছোৱাতেই মৃত্যুক আঁকোৱালি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই তেওঁৰ অনুৰাগীসকলে৷ তেওঁৰ মৃত্যুৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ কলকাতাত কালি সন্ধিয়া এটাৰ পিছত আন এটাকৈ জনপ্ৰিয় গীতেৰে দৰ্শকৰ মন মুহি থকাৰ সময়ছোৱাতেই তেওঁ অসুস্থ হৈ পৰে৷ ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ নজৰুল মঞ্চত আয়োজিত লাইভ শ্ব’ৰ সময়ছোৱাত এগৰাকী দৰ্শকে প্ৰকাশ কৰা অনুসৰি তেওঁ গীত পৰিৱেশন কৰি থকাৰ সময়ছোৱাত মঞ্চৰ পিছলৈ গৈ পানী সেৱন কৰি আছিল আৰু তেওঁ ঘামত তিতি আছিল৷ ফলত তেওঁ আয়োজক সমিতিক মঞ্চত জ্বলি থকা লাইটসমূহ নুমুৱাবলৈ অনুৰোধ কৰিছিল৷ কে কে ইয়াৰ পূৰ্বে সোমবাৰে এখন সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিছিল আৰু বুধবাৰেও এখন অনুষ্ঠানত গীত পৰিৱেশন কৰিবলগীয়া আছিল৷ কিন্তু হঠাতে কালি হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ যকৃত আৰু হঁাওফাঁও দুৰ্বল আছিল৷ তেওঁৰ মৃত্যুৰ কাৰণ হৃদক্ৰিয়া বন্ধ হৈ যোৱা বুলি উল্লেখ কৰিছে৷ তেওঁ মৰণোত্তৰ পৰীক্ষা কলকাতাৰ এছ এছ কে এম হাস্পতালত সম্পন্ন হয়৷ কমেও ডেৰ ঘণ্টা ধৰি চলা মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰক্ষা হয়৷ কে কেৰ নশ্বৰ দেহ এয়াৰ ইণ্ডিয়াৰ এআই ৭৭৩ বিমানৰ জৰিয়তে মুম্বাইলৈ লৈ যোৱা হয়৷ হঠাতে জনপ্ৰিয় শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱা ঘটনাক লৈ কলকাতাত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ কলকাতা আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ বহু চিচি টিভিত আবদ্ধ হোৱা দৃশ্যসমূহ কলকাতা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ বিশেষ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ উল্লেখ্য যে আজি তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব৷ তেওঁৰ নশ্বৰদেহ আজি সন্ধিয়া জ্জ.৪৫মিনিটত মুম্বাইলৈ অনা হয়৷ ইয়াৰ পূৰ্বে কলকাতাত বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ য’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়৷ তেওঁৰ মৃত্যুক লৈ সমগ্ৰ বলীউড জগতত শোকৰ ছাঁ পৰিছে৷ বলীউড জগতকে ধৰি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুৱে টুইটাৰৰ জৰিয়তে গভীৰ শোক প্ৰকাশ কৰে৷ উল্লেখ্য যে ১৯৬৮ চনৰ ২৩ আগষ্টত জন্মগ্ৰহণ কৰা প্ৰখ্যাত প্লেবেক ছিংগাৰ কে কেয়ে হিন্দীৰ উপৰি তামিল, তেলেগু, কন্নড়, মালায়ালম, মাৰাঠী, বঙালীসহ ১১টা ভাষাত গীত পৰিৱেশন কৰিছিল৷ ২০০০ চনত হাম দিল দে চুকে ছনমৰ ‘তড়প তড়প..’ গীতটোৰ বাবে প্লেবেক ছিংগাৰৰ খিতাপ লাভ কৰিছিল৷ ২০০৮ চনত ঔম শান্তি ঔম ছবিখনৰ ‘আখৌ মে তেৰি’ আৰু ২০০৯ চনত বাচনা এ হাছিনৌ ছবিখনৰ ‘খোদা জানে’ গীতৰ বাবে শ্ৰেষ্ঠ প্লেবেক ছিংগাৰৰ খিতাপ লাভ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here