গণ বাৰ্তা, পাঠশালা, ৩১ আগষ্ট::’বড়োসকলৰ বিৰুদ্ধে আমাৰ কোনো আখেজ নাই৷ এটা জাতিয়ে নিজৰ অধিকাৰৰ বাবে যুঁজ কৰি আহিছে, সেই জাতিৰ বিৰুদ্ধে আমাৰ যুঁজ নহয়৷ আমাৰ যুঁজ হৈছে আমাৰ অধিকাৰ প্ৰাপ্যৰ বাবেহে৷ সেয়েহে আমাৰ দাবীসমূহ আমি প্ৰতিখন চৰকাৰৰ ওচৰতে উত্থাপন কৰি আহিছো৷ কিন্তু আগৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে আমাৰ সমস্যাসমূহক গুৰুত্ব দিয়া নাছিল৷ আজি প্ৰায় ১৭ বছৰৰ মুৰত আমি প্ৰকৃতাৰ্থত এইবেলিহে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সতে যোৱা ২৫ আৰু ২৭ আগষ্টত দুবাৰৰ বাবে আলোচনাত বহো৷ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় মাহৰ ভিতৰত আমাৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ গতিকে আমি ছমাহ অপেক্ষা কৰিম৷ কাৰণ আমি সংগ্ৰামৰ বাবে সংগ্ৰাম কৰা নাই, আমাৰ সমস্যাসমূহ সমাধানৰ বাবেহে সংগ্ৰাম কৰি আহিছো৷’ এই মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ নেতা ব্ৰজেন মহন্তৰ৷ পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত হয় অবড়ো সুৰক্ষা সমিতিৰ এখন কাৰ্য্যনিৰ্বাহক সভা৷ সভাৰ পিছতে সাংবাদিকেৰে হোৱা আলোচনাত উক্ত মন্তব্য কৰি অবড়ো নেতাগৰাকীয়ে একপ্ৰকাৰ ইতিবাচক ইংগিত দিয়ে যে বড়োভূমি এতিয়া ৰাজনৈতিক পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে৷ আৰু এয়া সম্ভৱ হবলৈ গৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাবে৷ কাৰণ অসমৰ ৰাজনীতিত সবল নেতৃত্বৰে সকলো দল আৰু নেতাক এতিয়া ড° হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণত আনিবলৈ বিশেষ ফলপ্ৰসু প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ তেওঁ মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰ চিফ প্ৰমোদ বড়োক অবড়োসকলৰ সমস্যাৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সকলো কাম এইখন চৰকাৰে কৰি যাব বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত অবড়ো নেতা সকলে সংখ্যাগৰিষ্ঠ অবড়ো লোকৰ গাওঁ বিটিআৰৰ পৰা কৰ্তন, অবড়ো সকলক মাটিৰ পট্টা দিয়া, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ আদিৰ দাবী তোলাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰি দাবীসমূহ সমাধানৰ বাবে ইতিবাচক সহাৰি দিয়া বুলি জনায়৷ মহন্তই কয় যে অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্ব, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, আৰু হাগ্ৰামা মহিলাৰীক একেলগে বহুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে অভিভাৱক স্বৰূপে থাকি বিটিআৰৰ সকলো সমস্যা সমাধান কৰিব৷ অৰ্থাৎ শীঘ্ৰেই অসম চৰকাৰৰ নেতৃত্বত বড়ো আৰু অবড়োৰ বৈঠক অনুষ্ঠিত কৰি বড়োভুমিৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷ এনে এক প্ৰেক্ষাপটতে অসমৰ ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰে বড়োভূমিত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰে অবড়ো নেতা ব্ৰজেন মহন্তই৷