Home Uncategorized লক্ষীপুৰত ড্ৰাগছ সেৱনকাৰী সহ-ব্যৱসায়ী গ্ৰেপ্তাৰ

লক্ষীপুৰত ড্ৰাগছ সেৱনকাৰী সহ-ব্যৱসায়ী গ্ৰেপ্তাৰ

153
0

গন বাৰ্তা,বগুৱান,৩১মাৰ্চ: গোৱালপাৰা জিলাৰ লক্ষীপুৰত যোৱা নিশা এগৰাকী যুৱকে সন্দেহ জনক ব্ৰাউন চুগাৰ বিক্ৰী কৰি থকা অৱস্থাত যুৱক জনক সহ দুগৰাকী ক্ৰেতাক লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই ব্ৰাউন চুগাৰ বিক্ৰেতা যুৱক জন ফলিমাৰিৰ আব্দুৰ ৰহমান আৰু ক্ৰেতা যুৱক দুজন মুনমুন শ্বেখ আৰু ছৰিফ মস্তাফা আহমেদ বুলি জানিব পৰা গৈছে। উল্লিখিত অভিযুক্ত কেইগৰাকীৰ পৰা আৰক্ষীয় পাঁচোটা সন্দেহ জনক ব্ৰাউন চুগাৰ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে। উল্লেখ্য যে, কালি নিশা এক সুত্ৰ অনুযায়ী লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগুৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে লক্ষীপুৰৰ ফলিমাৰীৰ পৰা উল্লিখিত অভিযুক্ত তিনি গৰাকীক গ্ৰেপ্তাৰ কৰে। লক্ষীপুৰ আৰক্ষীয়ে অভিযুক্ত কেইগৰাকীক আজি গোৱালপাৰা জেল হাজতলৈ প্ৰেৰণ কৰিছে। প্ৰসঙ্গত উল্লেখনীয় যে, এটা সপ্তাহৰ ভিতৰতে লক্ষীপুৰ আৰক্ষীয়ে পাচ গৰাকীকৈ ড্ৰাগছৰ লগত জড়িত দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here