ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ: আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচনত ফটোযুক্ত পৰিচয়- পত্ৰ পোৱা ভোটাৰসকলে ভোটদানৰ সময়ত পৰিচয় পত্ৰ দেখুৱাব লাগিব৷ আনকি যিসকল ভোটাৰৰ ফটোযুক্ত পৰিচয়-পত্ৰ নাথাকে তেওঁলোকে আয়োগে নিৰ্দিষ্ট কৰি দিয়া নথি দেখুৱাব লাগিব৷ ইতিমধ্যে পৰিচয় প্ৰদানৰ বাবে ফটোযুক্ত ভোটৰ পৰিচয়-পত্ৰৰ উপৰি অন্যান্য ১১ বিধ নথিত অনুমোদন জনাইছে নিৰ্বাচন আয়োগে৷ বিশেষকৈ আধাৰকাৰ্ড, মহাত্মা গান্ধী এনৰেগাৰ জ’বকাৰ্ড, বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, পাছপ’ৰ্ট, ফটোগ্ৰাফৰ সৈতে পেন্সনৰ নথি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱা খণ্ড বা পাব্লিক লিমিটেড কোম্পানীৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয়-পত্ৰ আৰু সাংসদ-বিধায়ক বা বিধান পৰিষদৰ সদস্যসকলৰ পৰিচয়-পত্ৰত নিৰ্বাচন আয়োগে অনুমোদন জনাইছে৷ ভোটাৰসকলে ভোটদানৰ সময়ত এই ১১ নথিৰ ভিতৰত যিকোনো এবিধ নথি দেখুৱাব লাগিব৷ আনহাতে, ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে, ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈয়ো নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে৷ অন্য সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ দ্বাৰা আগতে প্ৰদান কৰা ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰ দাখিল কৰিও ভোটদান কৰিব পৰা যাব, যদিহে ভোটাৰজনৰ নাম ভোট দিবলৈ যোৱা ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে৷ ভোটাৰ পৰিচয়-পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে যদিহে ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পৰা নাযায় তেন্তে তেওঁ ওপৰত উল্লেখ কৰা যিকোনো এবিধ নথি দেখুৱাব লাগিব৷