Home স্থানীয় লেখাপানীত আটক অস্ত্ৰসহ এন এছ চি এন খাপলাং গোটৰ কেডাৰ

লেখাপানীত আটক অস্ত্ৰসহ এন এছ চি এন খাপলাং গোটৰ কেডাৰ

37
0

শৰৎ গগৈ, লেখাপানী, ২৬ মে : অসম অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চলত বৰ্তমানেও অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু চোৰাংচোৱাৰ বিশেষ অভিযান । অভিযান কালত সঘনাই এটাৰ পাছত আনটো উগ্ৰপন্থী কেডাৰ ভাৰতীয় সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হৈছে । তেনেস্থলত মঙলবাৰে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং চালিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত সঞ্জু গাওঁৰ সমীপত অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় এজন উগ্ৰপন্থী সদস্য।। মঙ্গলবাৰে সন্ধিয়া টিপংস্থিত ভাৰতীয় সেনা আৰু ইন্টেলিজেন্ট বিশেষ বাহিনীৰ যোৱানে এক গোপন সূত্ৰৰ আধাৰত আটক কৰে উগ্ৰপন্থীৰ এজন কেডাৰক । আটকাধিন কেডাৰ জন এন এছ চি এনৰ খাপলাং গোটৰ উগ্ৰপন্থী সদস্যজন ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত নাজিৰাটিংৰ বিনোদ মুৰা(২৮) বুলি জানিব পৰা গৈছে।। আটকাধিন উগ্ৰপন্থী সদস্যজনৰ পৰা সেনাই এটা .৩২ পিষ্টল, তিনি জাই সক্ৰিয় গুলি, এখন চোকা অস্ত্ৰ, এটা মবাইলসহ যাৱতীয় নথিপত্ৰ উদ্ধাৰ কৰে। উগ্ৰপন্থী সদস্য জনে অঞ্চলটোত বিভিন্ন জন প্ৰতিষ্ঠিত ব্যৱসায়িক ধন দাবী কৰা কাৰ্য্যত লিপ্ত আছিল বুলি সেনাৰ সূত্ৰে জানিবলৈ দিয়ে । ইতিমধ্যে সেনাই কেডাৰ জনক লেখাপানী আৰক্ষী থানাত অস্ত্ৰ সহ চমজাই দিয়ে। লেখাপানী আৰক্ষীয়ে আটকাধিন কেডাৰ জনক জেললৈ প্ৰেৰণ কৰা প্ৰস্তুতি চলোৱা উপৰিও অধিক তথ্য লাভৰ বাবে উগ্ৰপন্থী কেডাৰ জনক জেৰা অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here