Home নগাঁও নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে নিযুক্তি দিয়াৰ আহ্বান ২০১৯ৰ টেট উত্তীৰ্ণৰ

নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে নিযুক্তি দিয়াৰ আহ্বান ২০১৯ৰ টেট উত্তীৰ্ণৰ

73
0



ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৬ ছেপ্তেম্বৰ : ‘বিগত বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰাথমিক টেট উত্তীৰ্ণ সকলো নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি এতিয়া নিযুক্তি দিয়াতো দূৰৈৰ কথা, আমাক বৰ্তমানৰ চৰকাৰে আমাক সাক্ষাতকেই নিদিয়ে। ২০১৯ চনতে আমি টেট পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া আমাৰ চাকৰিৰ বয়সৰ শেষ সীমা অতিক্ৰম হ’ব ধৰিছে। সেয়ে চৰকাৰে নতুনকৈ টেট অনুষ্ঠিত কৰাৰ পূৰ্বে আমাক নিযুক্তিৰ ব্যৱস্থা কৰক।’ —এই মন্তব্য সদৌ নগাঁও জিলা প্ৰাথমিক টেট উত্তীৰ্ণ (২০১৯) সমিতিৰ বিষয়ববীয়াসকলৰ। আজি নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সমিতিৰ সভাপতি নৃপেন শইকীয়া আৰু সম্পাদিকা সুকন্যা বৰাই আৰু কয় — ‘এন চি ই টিৰ গাইডলাইন অনুসৰি প্ৰতি বছৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। কিন্তু চৰকাৰে ২০১২ চনৰ পিছত ২০১৯ চনতহে অনুষ্ঠিত কৰিলে। ইয়াৰে ২০১২ চনৰ সকলো টেট উত্তীৰ্ণক নিযুক্তি দিছে। কিন্তু ২০১৯ চনৰ একাংশক নিযুক্তি দি আন একাংশক নিযুক্তিৰ পৰা বঞ্চিত কৰি পুনৰ সাত বছৰৰ মূৰকত টেট পৰীক্ষা অনুষ্ঠিত কৰাটো কিমান যুক্তিযুক্ত। সংবাদমেলত তেওঁলোকে লগতে উল্লেখ কৰে যে  বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে নিযুক্তিৰ নামতো আভুৱা-ভাঁৰিছে। কিয়নো, বিগত সময়ত চৰকাৰখনে ২০ হাজাৰ টেট উত্তীৰ্ণক নিযুক্তি দিয়া বুলি ঢাক-ঢোল বজাইছে যদিও সেয়া সত্য নহয়। কাৰণ, এই ২০ হেজাৰ নিযুক্তি পোৱা অধিকাংশই একে সময়তে প্ৰাথমিক শিক্ষা বিভাগত নিযুক্তি পোৱাৰ সমান্তৰালভাৱে মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকতো নিযুক্তি পাইছে। যাৰ বাবে খালী হোৱা পদসমূহো পূৰণ নকৰাৰ বাবে ২০১৯ত টেট উত্তীৰ্ণ ১২ সহস্ৰাধিক চাকৰি লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে। তেওঁলোকে সংবাদমেলত আক্ষেপেৰে কয় যে যিহেতু তেওঁলোকে ১০-১৫ বছৰ আগতেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা পাছ কৰিছে, য’ত এতিয়াৰ আৰু তেতিয়াৰ মূল্যাংকণ পদ্ধতি পৃথক আছিল। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত টেটৰ সৈতে ডি এল এড আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণৰ নম্বৰ যোগ দিহে মেধাৰ তালিকা প্ৰস্তুত কৰে। ফলত ১০-১৫ বছৰ আগৰ প্ৰাৰ্থীসকলৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ তেনেই কম হোৱাত বৰ্তমানৰ শিক্ষাৰ্থীৰ তুলনাত মেধাৰ তালিকাত বহু পিছুৱাই আহিব লগা হয়। তেনেক্ষেত্ৰত চৰকাৰে যিকোনো বিকল্প আঁচনিৰে তেওঁলোকক নিযুক্তি দিবলৈ আহ্বান জনায়। অন্যথা চাকৰিৰ অভাৱত তেওঁলোকে কিবা বেয়া চিন্তা কৰিলে চৰকাৰখনে তাৰ বাবে দায়ী হ’ব লাগিব বুলি হুংকাৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here