Home অসম অসমৰ মাদ্ৰাছা জেহাদীৰ ঘাটি বুলি অভিহিত কৰা কাৰ্য সম্পূৰ্ণ ভিত্তিহীন- চূড়ান্ত অপপ্ৰচাৰ...

অসমৰ মাদ্ৰাছা জেহাদীৰ ঘাটি বুলি অভিহিত কৰা কাৰ্য সম্পূৰ্ণ ভিত্তিহীন- চূড়ান্ত অপপ্ৰচাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি জমিয়ত উলামাৰ পত্ৰ

155
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ আগষ্ট ঃ শেহতীয়াকৈ জেহাদীৰ প্ৰসংগক লৈ উত্তাল হৈ আছে ৰাজ্য৷ একমাত্ৰ সন্দেহৰ ভিত্তিত নিৰীহ ব্যক্তিক জেহাদী সজাই মুছলমান জাতিটোকেই এক অপমান কৰাৰ ষড়যন্ত্ৰ চলা বুলি অভিযোগ উত্থাপন হৈছে৷ সন্দেহৰ ভিত্তিত একাংশ সংবাদ মাধ্যমে মুকলিকৈ জেহাদী সজাইছে৷ এয়া কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়৷ যদি কোনোবাই এনেধৰণৰ কাৰ্যৰ লগত জড়িত, তেন্তে কঠোৰ শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰো দ্বিমত নাই৷ কিন্তু একমাত্ৰ সন্দেহৰ ভিত্তিত জেহাদী সজাই সেই লোকজনক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাটো কোনো কাৰণতেই যুক্তিসংগত হ’ব নোৱাৰে৷ সেয়ে বিষয়টো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন জমিয়তে আজি মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে৷ অসমৰ মাদ্ৰাছাসমূহ জেহাদীৰ ঘাটি বুলি অভিহিত কৰা বিষয়টো মনেসজা আৰু সম্পূৰ্ণৰূপে ভিত্তিহীন৷ জেহাদীৰ নামত মুছলমান লোকসকলক যেনেদৰে মানসিক নিৰ্যাতন চলোৱা হৈছে, সেইক্ষেত্ৰত মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলক এই অপবাদৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ এক বিবৃতিত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ আৰু সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰছিদ কাছিমীয়ে কয় যে জমিয়ত উলামা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সংগঠন৷ প্ৰতিষ্ঠাৰে পৰা জমিয়ত উলামাই দেশৰ অখণ্ডতা, সাম্প্ৰদায়িকতা, জাত-পাতৰ বিভেদ আৰু দেশ বিৰোি¸ধতাকে আদি কৰি যিকোনোধৰণৰ অন্যায়-অপৰাধৰ বিৰোধিতা কৰি আহিছে৷ দেশৰ সংবিধান, গণতান্ত্ৰিক যাৱতীয় ব্যৱস্থা আৰু শান্তি-সম্প্ৰীতি তথা দেশৰ সৰ্বাংগীণ উন্নতিৰ হকে জমিয়ত উলামাই মাত মাতি আহিছে৷ দেশবিৰোধী কোনোধৰণৰ কাৰ্যকলাপে যেতিয়া ভুমুকি মাৰিছে, তেতিয়াই জমিয়ত উলামা নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে সম্পূৰ্ণ দায়বদ্ধতাৰ সৈতে দেশৰ হকে অৱস্থান কৰি আহিছে৷ বিগত দিনত জেহাদৰ নামত সন্ত্ৰাসবাদৰ যিকোনো কথা পোহৰলৈ আহিছিল বুলি প্ৰচাৰ মাধ্যমে সংবাদ প্ৰচাৰ কৰিছিল, তেতিয়াই তাৎক্ষণিকভাৱে জমিয়ত উলামাই তেনে সন্ত্ৰাসবাদ-দেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ফতোৱা জাৰি কৰি মুছলমান সমাজক সতৰ্ক হৈ থাকিবলৈ আৰু দেশবিৰো¸ধী কাৰ্যকলাপৰ বিৰুদ্ধে অৱস্থান কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা হাতত লৈছিল৷ জমিয়ত উলামাৰ সেই স্থিতি আজিও অক্ষুণ্ণ আছে৷ বৰ্তমান জেহাদীৰ প্ৰসংগই ৰাজ্যখন উত্তাল কৰি ৰাখিছে৷ মধ্য অসমৰ মৰিগাঁও আৰু নামনি অসমৰ বৰপেটাকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অসম আৰক্ষীয়ে একাংশ লোকক গ্ৰেপ্তাৰ কৰি জেহাদী বুলি ঘোষণা কৰাৰ উপৰি অত্যন্ত দুৰ্ভাগ্যজনকভাৱে অসমৰ একাংশ মাদ্ৰাছাক জেহাদীৰ ঘাটি বুলি অভিহিত কৰা কাৰ্যই আমাক সকলোকে মনোকষ্ট দিছে৷ কাৰণ ইতিপূৰ্বেও বহুসংখ্যক ইছলাম ধৰ্মীয় লোকক গ্ৰেপ্তাৰ কৰি জেহাদী বুলি অভিহিত কৰিছিল যদিও পৰৱৰ্তী কালত সেইসকল ব্যক্তি নিৰ্দোষী বুলি প্ৰমাণিত হৈছিল৷ বৰ্তমানেও যোৱা কিছুদিন ধৰি জেহাদী বুলি অসমৰ কে’বাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰখাৰ লগতে চূড়ান্ত মানসিক নিৰ্যাতন চলাই আছে৷ তদুপৰি এই বিষয়টোক লৈ বাটে-ঘাটে বিভিন্ন অপপ্ৰচাৰ চলাৰ লগতে একাংশ প্ৰচাৰ মধ্যমেও পাকে-প্ৰকাৰে প্ৰায় সকলো মুছলমান লোককে জেহাদী বুলি অপপ্ৰচাৰ চলাই এক অশুভ তথা সন্দেহজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে কাৰ্যই শান্তিপ্ৰিয় অসম ৰাজ্যখনৰ প্ৰতি এক অশুভ ইংগিতহে প্ৰদান কৰিছে বুলি অসম ৰাজ্যিক জমিয়ত উলামাই মত প্ৰকাশ কৰিছে৷ বিবৃতিটোত আৰু উল্লেখ কৰে যে প্ৰাক্‌ স্বাধীনতা কালৰ পৰা বৃটিছৰ বিৰুদ্ধে স্বাধীনতা যুঁজত সক্ৰিয়ভাৱে যোগদান কৰা জমিয়ত উলামাই সদায় ভাৰতবৰ্ষৰ ঐক্য-শান্তি-সম্প্ৰীতি আৰু অখণ্ডতাৰ প্ৰতি জমিয়ত উলামাই আত্মনিয়োগ কৰি অহাৰ লগতে দেশদ্ৰোহীসকলৰ বিৰুদ্ধেও সজোৰে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাতৃভূমি ভাৰতবৰ্ষৰ স্বাৰ্থত সদায় দেশদ্ৰোহীসকলৰ বিৰুদ্ধে নিজৰ সক্ৰিয় স্থিতি বজাই ৰাখিবলৈ জমিয়ত বদ্ধপৰিকৰ৷ শান্তিপ্ৰিয় অসমত যদি কোনো জেহাদীৰ অৱস্থিতি আছে, তেন্তে উক্ত জেহাদীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি যথোচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত জমিয়তে চৰকাৰক আহ৩ান জনায়৷ এনে জেহাদীক চৰকাৰে কঠোৰভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ভৱিষ্যতে আন কোনো লোকে যাতে জেহাদী কাম-কাজত জড়িত হ’ব নোৱাৰে তাৰ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত জমিয়তে চৰকাৰক আহ৩ান জনায়৷ আনহাতে, কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত যিকোনো লোককে অযথা গ্ৰেপ্তাৰ কৰি জেহাদী বুলি প্ৰমাণ নথকাকৈ ৰাজহুৱা ঘোষণা কৰাটো যুক্তিসংগত নহয় বুলি জমিয়তে ভাবে৷ কিয়নো এনে সন্দেহজনক কাৰ্যৰ দ্বাৰা প্ৰমাণ নথকাকৈ কোনো এজন মুছলমান ব্যক্তিক জেহাদী বুলি ঘোষণা কৰিলে অসমৰ জনসাধাৰণৰ মাজত সমগ্ৰ মুছলমান সমাজখনেই সন্দেহজনক পৰিস্থিতিত পৰি হেয় প্ৰতিপন্ন হ’বলগীয়া হয়৷ ইয়াৰ উপৰি অসমৰ মাদ্ৰাছাসমূহ জেহাদীৰ ঘাটি বুলি অভিহিত কৰা কাৰ্য সম্পূৰ্ণ ভিত্তিহীন আৰু চূড়ান্ত অপপ্ৰচাৰৰ বাদে আন একো নহয়৷ ইছলাম ধৰ্মীয় মক্তব আৰু মাদ্ৰাছাসমূহ হ’ল সম্পূৰ্ণ ৰূপত ইছলাম ধৰ্মীয় শিক্ষাদানৰ লগতে এক সুস্থ সামাজিক শিক্ষা আৰু দেশপ্ৰেমৰ নীতিশিক্ষা প্ৰদান কৰা হয়৷ ইছলাম শব্দৰ অৰ্থ হ’ল শান্তি আৰু মাদ্ৰাছাসমূহত কেৱল শান্তি আৰু সম্প্ৰীতিৰ আৰু দেশপ্ৰেমৰ নীতিশিক্ষাহে প্ৰদান কৰা হয় কিন্তু বৰ্তমান দেখা গৈছে যে একাংশ কু-উদ্দেশ্যপ্ৰণোদিত ভাবধাৰাৰে পৰিচালিত এটি কু-চক্ৰৰ প্ৰৰোচনাত পৰি একাংশ প্ৰচাৰ মাধ্যমেও জেহাদীৰ দৰে এটি স্পৰ্শকাতৰ বিষয়ত কিছু সতৰ্কতা অৱলম্বন কৰি অনুসন্ধানমূলক বাতৰি প্ৰচাৰ কৰাটো সাম্প্ৰতিক সময়ৰ বাবে এক জৰুৰী আহ৩ান বুলি আমি মত প্ৰকাশ কৰোঁ৷ দেশৰ লগতে ৰাজ্যখনৰ নিৰাপত্তাৰ স্বাৰ্থত জেহাদী কাৰ্যকলাপ কঠোৰ হাতেৰে দমন কৰাটো জমিয়তে কামনা কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক উপযুক্ত পদক্ষেপ ল’বলৈ জমিয়তে আহ৩ান জনাইছে৷ ইয়াৰ সমান্তৰালকৈ কোনো ব্যক্তিক অযথা জেহাদী বুলি ঘোষণা কৰি মানসিক অশান্তি আৰু ৰাজহুৱাকৈ অপমানিত কৰাটো উচিত নহয়৷ এইক্ষেত্ৰতো মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰি ৰাজ্যৰ মুছলমান সমাজক এনে চূড়ান্ত অপমানবোধৰ লগতে মানসিক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিবলৈ জমিয়তে আহ৩ান জনায়৷ আনহাতে, জেহাদীৰ চিনাক্তকৰণ আৰু গ্ৰেপ্তাৰকৰণৰ ক্ষেত্ৰত জমিয়ত উলামাই মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ প্ৰশাসনযন্ত্ৰক সক্ৰিয় সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত আছে আৰু ভৱিষ্যতলৈ থাকিব বুলি বিবৃতিটোত উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here