Home স্থানীয় বাৰেকুৰিত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান

বাৰেকুৰিত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান

121
0

গণ বাৰ্তা, ডুমডুমা, ১২ মে : বাৰেকুৰিত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আজি অভিযান চলায়। আৰক্ষী, আবকাৰী বিভাগ আৰু স্থানীয় মহিলা সমিতিয়ে এই অভিযান চলোৱা হয় ৷আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে মহিলা সমিতিয়ে অভিযান চলাইছিল ৷লেছেংকা, দিচাওজান আৰু হাতীগড় গাঁৱত চলোৱা অভিযানৰ সময়ত দলটোৱে ভালেকেইটা চুলাই ভাতি ভঙাৰ লগতে নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰা লোকৰ ঘৰত প্ৰৱেশ কৰি সকীয়নী প্ৰদান কৰে ৷ মহিলা সমিতিৰ অভিযোগ অনুসৰি উক্ত অঞ্চলটোত ড্ৰাগছ, চুলাই মদৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীয়ে গ্ৰাস কৰি পেলাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here