Home গুৱাহাটী জি এম চিৰ নিৰ্বাচনত, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে বাইক চলায় ব্যাপক প্ৰচাৰ অভিযান...

জি এম চিৰ নিৰ্বাচনত, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে বাইক চলায় ব্যাপক প্ৰচাৰ অভিযান : মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

289
0

গুৱাহাটী, ১৯ এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া মহানগৰীৰ ৰাজনৈতিক বাতাৱৰণ উত্তপ্ত হৈ পৰিছে৷ কংগ্ৰেছ, বিজেপি, আপ, এজেপি সকলোৱে নিজ নিজ প্ৰাৰ্থীৰ সপক্ষত ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে৷ পৌৰ নিগমৰ নিৰ্বাচনক লৈ বিশেষভাৱে সক্ৰিয় হৈ পৰিছে শাসনাধিষ্ঠিত বিজেপি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি মন্ত্ৰী আৰু বিধায়কসকল জঁপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত৷ নিৰ্বাচনলৈ দুটা দিন থকা অৱস্থাত আজি মহানগৰীৰ কেইবাটাও ৱাৰ্ডত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ অভিযান চলালে জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আজি পুৱা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ৰনং ৱাৰ্ডৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰ?ন পাটোৱাৰীৰ হৈ এক বৃহৎ বাইক ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ এই বাইক ৰেলীৰ মাজতে ৱাৰ্ডৰ স্থানীয় ৰাইজৰ মৰম আৰু বিপুল সমৰ্থন পাই উৎফুল্লিত হৈ পৰে মন্ত্ৰীগৰাকী৷ আজিৰ বাইক ৰেলীৰ সময়ত ৱাৰ্ডবাসীৰ পৰা পোৱা মৰম-স্নেহে আমাক প্ৰতিপন্ন কৰে যে এক নং ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত বুলি ক’লে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ বাইক ৰেলীত মন্ত্ৰীগৰাকীক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু নেতা বদিউজ জামানৰ লগতে ভাৰতীয় জনতা পাৰ্টী আৰু অগপৰ বহুসংখ্যক কাৰ্যকৰ্তাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here