Home অসম উপ-নিৰ্বাচন: ভোট গ্ৰহণৰ অন্তিম সময়ৰ ৭২ ঘণ্টা আগতে শেষ কৰিব লাগিব নিৰ্বাচনী...

উপ-নিৰ্বাচন: ভোট গ্ৰহণৰ অন্তিম সময়ৰ ৭২ ঘণ্টা আগতে শেষ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ

187
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ অক্টোবৰ : অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভা উপ নিৰ্বাচন-২০২১ৰ ‘নিৰৱতাৰ সময়’ [SILENCE PERIOD] আজি ২৭ অক্টোবৰৰ সন্ধিয়া প্ত বজাৰ পৰা আৰম্ভ হ’ব৷ এই অনুসৰি ভোট গ্ৰহণৰ অন্তিম সময়ৰ ৭২ ঘণ্টা পূৰ্বে অৰ্থাৎ আজি সন্ধিয়া প্ত বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পেলাব লাগিব৷ এই সময়ছোৱাত কোনো ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় কোনো বাইক ৰেলী, সভা, শোভাযাত্ৰা
আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব৷ তদুপৰি এই সময়ছোৱাত চলচ্ছিত্ৰ, টেলিভিশ্বন আদি গণমাধ্যমসমূহতো প্ৰচাৰ কাৰ্য বন্ধ ৰাখিব লাগিব৷ ইয়াৰ উপৰি ভোটাৰসকলক আকৰ্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান আয়োজনৰ পৰাও এই সময়ছোৱাত বিৰত থাকিব লাগিব৷ ইপিনে, অসম বিধান সভাৰ সমাগত উপ নিৰ্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ অৰ্থে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ এই অনুসৰি উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ প্তটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ আগন্তুক উপ নিৰ্বাচনৰ বাবে সৰ্বমুঠ ৰ,১৩৫টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব৷ উল্লেখযোগ্য যে এই ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰিব৷ আনহাতে ভোটকেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰ স্থাপন কৰা স্থানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ জোৱানৰ গোট মোতায়েন কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here