Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে নিৰ্বাচনী প্ৰচাৰৰ অন্ত:৫ মাৰ্চৰ সন্ধিয়া ৫...

ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে নিৰ্বাচনী প্ৰচাৰৰ অন্ত:৫ মাৰ্চৰ সন্ধিয়া ৫ বজাত সমাপ্ত কৰিব লাগিব প্ৰচাৰ অভিযান

132
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৪ মাৰ্চ: মাজুলী বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগন্তুক অসম বিধান সভাৰ উপ- নিৰ্বাচনৰ প্ৰচাৰ ভোট গ্ৰহণৰ অন্তিম সময়ৰ ৪৮ ঘণ্টা আগতে অন্ত পৰিব৷ জন প্ৰতিনিধিত্ব আইন-১৯৫১ ৰ ধাৰা ১২৬ৰ অধাৰত জাৰি কৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অহা ৫ মাৰ্চৰ সন্ধিয়া ৫ বজাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰচাৰ অভিযান সামৰিব লাগিব৷ এই অনুসৰি কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব৷ তদুপৰি টেলিভিছন, চিনেমাটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইয়াৰ উপৰি নিৰ্বাচন অনুষ্ঠিত হোৱা অঞ্চলত উল্লিখিত সময়ছোৱাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পকীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব৷ এই ক্ষেত্ৰত ‘নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় বিষয়’ বুলি কওঁতে নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলাব পৰা যিকোনো বিষয় সামৰি লোৱা হ’ব৷ এই নিষেধাজ্ঞাৰ মাধ্যমেৰে ভোটাৰসকলক ভোটদানৰ আগে আগে এক নীৰৱ আৰু শান্তিপূৰ্ণ বাতাবৰণ দিব বিচৰা হৈছে৷ এই সময়ছোৱাত কোনো তাৰকা প্ৰচাৰক বা ৰাজনৈতিক নেতাই সংবাদমেল বা সাক্ষাতকাৰৰ জৰিয়তে সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সম্পৰ্কীয় বিষয় উত্থাপন কৰিব নোৱাৰিব৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে দুবছৰ পৰ্যন্ত কাৰাৱাস বা জৰিমনা বা জৰিমনাৰ সৈতে কাৰাৱাস হ’ব পাৰে৷ চলিত উপ-নিৰ্বাচনী প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাৰ স্বাৰ্থত ওপৰত উল্লেখ কৰা সময়ছোৱাত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৱলী সম্পূৰ্ণৰূপে মানি চলিবলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতীন খাড়েয়ে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here