গণ বাৰ্তা বিশেষ, বিলাসীপাৰা, ৯ এপ্ৰিল ঃ গৰু চোৰ যদি ডালে ডালে, তেন্তে আৰক্ষী আকৌ পাতে পাতে। বিলাসীপাৰাত গো-ধন সৰবৰাহকাৰীৰ অভিনৱ কৌশল। যাত্ৰীবাহী মেজিকত যাত্ৰীৰ পৰিৱৰ্তে গৰু সৰবৰাহ। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে যোৱানিশা বিলাসীপাৰা আৰক্ষীয়ে চলায় এক অভিযান। অভিযানত বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুভৰ্তি যাত্ৰীবাহী মেজিক বাহন। আৰক্ষীয়ে আটক কৰে গৰু সৰবৰাহকাৰী নূৰ মোহাম্মাদক। গো-মাফিয়া নূৰ মোহাম্মাদৰ ঘৰ কোকৰাঝাৰ জিলাৰ কঁঠালগুৰিত বুলি জানিব পৰা গৈছে। জব্দকৃত চোৰাং গৰুভৰ্তি বাহনখনৰ নম্বৰ হৈছে এএছ ১৬ চি ৩৬৯৯। গৰুসমূহ বিলাসীপাৰাৰ বিভিন্ন চৰাঞ্চলৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ আৰক্ষীৰ। সম্প্ৰতি জব্দ কৰা গো-ধনসমূহ বিলাসীপাৰা আৰক্ষীৰ জিম্মাত আছে।