Home অসম আই আই টি গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ

আই আই টি গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ

141
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, প্ত জানুৱাৰী: আই আই টি গুৱাহাটীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ৷ ইতিমধ্যে উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানখনত অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী৷ চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা শিক্ষাৰ্থীৰ বাহিৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে৷ নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰো৷ কে’বাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক’ভিডৰ উপস্থিতি৷ আই আই টি গুৱাহাটী কৰ্তৃপক্ষই জনোৱা মতে, ৩০ ডিচেম্বৰৰ পৰা এতিয়ালৈকে প্ৰতিষ্ঠানখনৰ চৌহদত থকা ৫০ৰো অধিক বাসিন্দাৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰে এটা পৰিয়ালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ বৰ্তমান পৰিয়ালটো সুস্থ হৈছে৷ সম্প্ৰতি চৌহদত ব্যাপকভাৱে ক’ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিষ্ঠানখনৰ চৌহদত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here