Home স্থানীয় ক’ভিড সন্দৰ্ভত বৰপেটাৰ উপায়ুক্তৰ সংবাদমেল ৯৮.৫৩ শতাংশই লৈছে ক’ভিডৰ প্ৰথম ভেকচিন

ক’ভিড সন্দৰ্ভত বৰপেটাৰ উপায়ুক্তৰ সংবাদমেল ৯৮.৫৩ শতাংশই লৈছে ক’ভিডৰ প্ৰথম ভেকচিন

124
0


গণ বাৰ্তা বিশেষ, বৰপেটা, ২৯ নৱেম্বৰ : মানৱ সমাজলৈ দূৰ্যোগ নমাই অনা কোৰোনা ভাইৰাছক পৰাভূত কৰা লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হয় ‘‘হৰ ঘৰ দস্তক’’ কাৰ্যসূচী ৷ এই উদ্দেশ্যে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি এক সংবাদমেল অনুষ্ঠিত কৰে ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এই সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে জনায় যে, বৰপেটা জিলাৰ ১৮ বছৰৰ উদ্ধৰ্ৰ ৯৮.৫৩ শতাংশ লোকে কোভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে৷ দ্বিতীয় পালি লৈছে ৫৯ শতাংশ লোকে৷ কোৰোনাৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰা নকৰাৰ সম্পৰ্কত খবৰ কৰিবলৈ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ স্বাস্থ্য কৰ্মী তথা প্ৰতিষেধক সত্যাপৰ্ণ বিষয়া যাব বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে৷ তেওঁ লগতে কয় যে, ইতিমধ্যে আশা আৰু অঙ্গনবাড়ী কৰ্মীৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সম্পৰ্কত তথ্য সংগ্ৰহ কৰা হৈছে৷ সেই অনুসৰি জিলাখনৰ মাত্ৰ সাত হাজাৰতকৈ কম সংখ্যক লোকে এতিয়ালৈকে বিভিন্ন কাৰণত ভেকচিন লোৱা নাই৷ এই লোক সকলৰ ভিতৰত যিসকলৰ যোৱা তিনি মাহৰ ভিতৰত কোভিড হোৱা নাই, সেই সকলক প্ৰয়োজন সাপেক্ষে ঘৰলৈ গৈ বুজাই বঢ়াই এই সপ্তাহৰ ভিতৰতে প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷ একাংশ লোকে অযথা অন্ধবিশ্বাস বা গোড়ামী আদিৰ কাৰণে এতিয়ালৈ প্ৰতিষেধক নোলোৱাকৈ আছে বুলি সদৰি কৰি ভূচালে কয় তেওঁলোকক যিকোনো উপায়ে সৈমান কৰি ঘৰলৈ গৈ হলেও প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ এই সমগ্ৰ অভিযানৰ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে একোজনকৈ শিক্ষকক প্ৰতিষেধক সত্যাপৰ্ণ বিষয়া [ভিভিও] আৰু ভোটকেন্দ্ৰ বিষয়াসকলক [বিএলও] ক সহকাৰী ভিভিও হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ কালি তেওঁলোকক দিনজোৰাকৈ প্ৰশিক্ষণো প্ৰদান কৰা হয়৷ তেওঁলোকৰ কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ অঞ্চল আৰু মণ্ডল ভিত্তিক বিষয়া নিয়োজিত কৰাৰ উপৰি প্ৰতিটো বিধানসভা সমষ্টিতে একোজনকৈ অসম অসামৰিক সেৱাৰ বিষয়াক তদাৰকী বিষয়া হিচাপে নিয়োজিত কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে ৷ এই সমস্ত অভিযান পৰ্যবেক্ষণৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ উপৰি অতিৰিক্ত মুখ্য সচিব বিজয়েন্দ্ৰ, জিলাৰ অভিভাবক সচিব তথা ৰাজ্য চৰকাৰৰ প্ৰধান সচিব জে বি এক্কা আৰু সচিব দীপক চৌধুৰীক দায়িত্ব অৰ্পণ কৰা হৈছে৷ তেওঁলোকে জিলাখনত বাহৰ পাতি লৈ এই অভিযানৰ তদাৰক কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ তেওঁ আৰু জিলাখনত ২৭১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা বুলি জানিবলৈ দি কয় যে কালিলৈকে মুঠ ১১,৪৮,৫৯১ জনক প্ৰথম পালি ভেকচিন দিয়া হৈছে ৷ বাকী সকলকো এই কেইদিনৰ ভিতৰতে যিকোনো উপায়ে প্ৰতিষেধক দিয়া হ’ব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ়তাৰে কয় ৷ সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, নৱজিৎ পাঠক আৰু লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, স্বাস্থ্য বিভাগৰ ময়েজ উদ্দিন উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here