Home Main Stories ৰাজ্যজুৰি উলহ-মালহেৰে ঈদুল-ফিতৰ উদ্‌যাপন

ৰাজ্যজুৰি উলহ-মালহেৰে ঈদুল-ফিতৰ উদ্‌যাপন

101
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মে’ ঃ দুবছৰৰ পিছত উলহ-মালহেৰে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উদ্‌যাপন কৰে পৱিত্ৰ ঈদুল-ফিতৰ৷ ক’ভিডৰ বাবে দুবছৰ ঈদুল-ফিতৰ উদ্‌যাপনৰ পৰা বিৰত আছিল যদিও এইবেলি সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে আজি ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বাৰ্তাৰে ঈদুল-ফিতৰ উদ্‌যাপন কৰে৷ ঈদগাহ মৈদানসমূহত দুবছৰৰ পিছত সমূহীয়া নামাজ পঢ়ে৷ নামাজৰ অন্তত সকলোৱে ভাতৃত্ববোধৰ এনাজৰী প্ৰদৰ্শন কৰি ইজনে আনজনক ঈদৰ শুভেচ্চা জ্ঞাপন কৰে৷ উল্লেখ্য যে আজি ৰাজ্যজুৰি এক উখল-মাখল পৰিৱেশ পৰিলক্ষিত হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উলহ-মালহেৰে পৱিত্ৰ ঈদুল-ফিতৰ উদ্‌যাপন কৰা হয়৷ মহানগৰীৰ মাছখোৱা ঈদগাহ মৈদানত বৃহৎসংখ্যক একত্ৰিত হৈ সুদীৰ্ঘ দুবছৰৰ পিছত সমূহীয়া নামাজ আদায় কৰে৷ ঠিক একেদৰে আমাবাৰী বুঢ়া জামে মছজিদ, সিজুবাৰী ঈদগাহ মৈদান, শ্বেখ মকদুম আউলীয়া দৰগাহ আদিত সমূহীয়া নামাজ পঢ়ে৷
শান্তি ,ঐক্য আৰু ভাতৃত্বৰে ডিব্ৰুগড়তো শান্তিপূৰ্ণ ভাৱে ঈদ উদ্‌যাপন
গণ বাৰ্তা, ডিব্ৰুগড় ঃ দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো ইছলামধৰ্মী লোকসকলে শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ বাণী লৈ আজি ঈদ-উল-ফিতৰ উৎসৱ উদ্‌যাপন কৰে৷ ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা ‘‘ডিব্ৰুগড় ঈদগাহ’’ত বতৰ ফৰকাল থকা বাবে প্ৰায় ১০য১২ হাজাৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে৷ যোৱা দুটা বছৰে কোভিড-১৯ মহামাৰীৰ বাবে ঈদগাহ আৰু মছজিদত ঈদৰ নামাজত অংশগ্ৰহণ কৰিব নোৱাৰি নিজৰ নিজৰ ঘৰতে পৰিয়ালৰ সৈতে অনু©ু†পীয়াকৈ ঈদ পালন কৰে৷ এইবাৰ ক’ভিডৰ কোনো সংশয় নাই যদিও চৰকাৰ তথা জিলা প্ৰশাসনে গাইড লাইন দিয়া মতেই ঈদ পালন কৰা হয়৷ ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা ঈদগাহৰ উপৰি ডিব্ৰুগড়ৰ ২৭ মছজিদতো আজি শান্তিপূৰ্ণভাৱে ইছলামধৰ্মী লোকসকলে ঈদত অংশগ্ৰহণ কৰে৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ঈদগাহত ঈদৰ নামাজত ইমামতি কৰে গ্ৰেহেম বজাৰ মছজিদৰ পেছ ঈমাম মুফ্‌টি আব্দুৰ ৰহমানে৷ নামাজৰ শেষত বিশ্বশান্তিৰ লগতে অসমবাসী তথা ডিব্ৰুগড়বাসীৰ শান্তি কামনাৰে মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে আৰু ইজনে সিজনৰ বুকুত বুকু মিলাই পূৰ্বৰ হিংসা-বিদ্বেষ দূৰ কৰি কোলাকুলি কৰে৷ ডিব্ৰুগড় ঈদগাহ কমিটীৰ সভাপতি আলহজ জাভেদ আখতাৰ খান আৰু সম্পাদক দিয়ান উদ্দিন আহমেদ, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্বনৰ সভাপতি আলহজ ডাঃ চাজিদ আহমেদ, সম্পাদক নাছিৰ চুলতান, ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদ উল্লা খান, সম্পাদক এম হাছিম আলী, উপ-সভাপতিদ্বয় আলহজ ছেহিৰ আহমদ আৰু আব্দুল খালেক, ডিব্ৰুগড় জিলা হিলাল কমিটীৰ সভাপতি তথা জিলা সদৰ কাজী আলহাজ আইনান জুবেৰী, সম্পাদক আলহজ নাচিমূল গণি, ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা আলহাজ জালালউদ্দিন আহমেদ ঈদগাহৰ সভাপতি আলহাজ ছাবিৰ আহমেদ, সম্পাদক জাভেদ ৰহমান, ডিব্ৰুগড় জিলাৰ ঈমাম পৰিষদৰ সম্পাদক আলহজ মৌলানা আতিকুৰ ৰহমান কাচিমী, অসমৰ ইছলামধৰ্মী সমাজৰ ঐক্যমঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ফিৰোজ হুছেইন আৰু সম্পাদক নৌছাদ আলী আহমেদ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আলহাজ মহিবুল আহমেদ, সম্পাদক ইমদাদ আলী, জমিয়ত উলেমাৰ ডিব্ৰুগড় জিলা শাখাৰ সভাপতি আলহাজ ইজাজুৰ ৰহমান আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অসমবাসীলৈ আৰু ডিব্ৰুগড়বাসীলৈ ঈদ আৰু ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে ঈদ মোবাৰক জনায়৷ লগতে বিশেষকৈ ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী বিভাগ, ডিব্ৰুগড় পৌৰসভা, ১৭নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ মিছেছ নিৰুপা দত্ত, ডিব্ৰুগড়ৰ সংবাদ মাধ্যমৰ লগতে ডিব্ৰুগড়ৰ ৰাইজে শান্তিপূৰ্ণভাৱে ঈদ পালনৰ বাবে যি সহায়-সহযোগিতা আগবঢ়ালে, তাৰবাবে কমিটীৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়, লগতে যিসকলৰ মহান ত্যাগ আৰু অৱদানৰ কাৰণে আজি ডিব্ৰুগড় ঈদগাহে ইমানখিনি পৰ্যায়ত উপনীত হৈছে, সেইসকল জীৱিত-মৃত ব্যক্তিকো ঈদগাহ কমিটীৰ হৈ আলহজৈ চৌকত আলীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে৷
ৰংঘৰ চাৰি আলি যুৱ জামাতৰ প্ৰশংসনীয় পদক্ষেপঃ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সুস্বাদ মিঠাই-চৰবটেৰে সহস্ৰাধিক লোকক কৰিলে আপ্যায়ণ
চামিউল আহমেদ, জয়সাগৰ ঃ মহামাৰী ক’ৰনাৰ বাবে বিগত দুটা বছৰে প্ৰতিগৰাকীয়ে অসমীয়াৰ বাপতি সাহোন বিহুৰ লগতে অন্যান্য ধৰ্মীয় উৎসৱ উলহ-মালহেৰে উদ্‌যাপন কৰিব পৰা নাছিল৷ কিন্তু এইবাৰ পৰিস্থিতিয়ে শাম কটাৰ বাবে ৰাইজে বিহুৰ লগতে বিভিন্ন ধৰ্মীয় উৎসৱ সুচাৰুৰূপে পালন কৰা দেখা গৈছে৷ জাতীয় উৎসৱ বিহু পালনৰ পিছতেই শিৱসাগৰত আজি ইছলাম ধৰ্মীয় লোকসকলে উলহ-মালহেৰে ঈদ-উল-ফিতৰ পালন কৰা দেখা যায়৷ আজি পুৱাৰ ভাগত শিৱসাগৰৰ বিভিন্ন ঈদগাহ তথা মছজিদত ঈদৰ দুই ৰাকাত ৱাজিব নামাজ সুকলমে আদায় কৰাৰ পৰিলক্ষিত হয়৷ ইফালে ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন ঈদগাহ তথা মছজিদসমূহ স্থানীয় যুৱকসকলে আটকধুনীয়াকৈ আলোকসজ্জাৰে সজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিখন তোৰণৰ তলত প্ৰতিগৰাকীয়ে ফটো তোলা দেখিবলৈ পোৱা যায়৷ আনহাতে, নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ স্থানীয় যুৱকসকলৰ ঈদৰ বিভিন্ন কৰ্মসূচীৰ বিপৰীতে ঐতিহাসিক শিৱসাগৰ নগৰৰ কাষতে লাগি থকা ৰংঘৰ চাৰিআলি যুৱ জামাত, আমগুৰি যুৱ জামাত, আমগুৰিঘাটৰ প্ৰগতিশীল যুৱ সমাজ, ন-আলি যুৱ সমাজ, হাতীখোক যুৱ সমাজ, জয়সাগৰ যুৱ সমাজকে ধৰি ৰংপুৰৰ বহুকেইখন যুৱ সমাজে আজি প্ৰসংশনীয় পদক্ষেপে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ সমাজৰ সকলো লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাৰ মানসেৰে যুৱকসকলে ঈদৰ দিনাই প্ৰতিকূল বতৰকো নেওচি এ টি ৰোড, দুৱৰণি আলি, বৰ আলিয়েদি অহা-যোৱা প্ৰতিগৰাকী পথচাৰীকে আপ্যায়ন কৰে বিভিন্ন খাদ্য-সামগ্ৰীৰে৷ স্থানীয় যুৱকসকলে নিজৰ পকেটৰ ধন খৰচ কৰি পথচাৰীসকলৰ মাজত চৰবত, সুস্বাদু মিঠাই, খীৰ, খেজুৰকে ধৰি অন্যান্য কেইবাবিধো খাদ্য-সামগ্ৰীৰে আপ্যায়ন কৰে৷ পুৱাৰে পৰা এই যুৱকসকলে অশেষ কষ্ট স্বীকাৰ কৰি সন্ধিয়ালৈকে কে’বাসহস্ৰ লোকক আপ্যায়ন কৰায় এই খাদ্য৷ যুৱকসকলে অঞ্চলটোৰে পাৰ হৈ যোৱা প্ৰত্যেকখন বাছ, চাৰিচকীয়া তথা দুচকীয়া বাহনৰ লগতে পথেৰে খোজকাঢ়ি যোৱা সকলো লোককে খন্তেক সময়ৰ বাবে ৰখাই ঈদৰ ওলগ জনোৱাৰ লগতে উল্লিখিত খাদ্য-সামগ্ৰীৰে আপ্যায়ন কৰে৷ ইফালে, যুৱকসকলে খাদ্য-সামগ্ৰী বিতৰণ কৰি থকাৰ বাবে কোনোধৰণৰ যান-জঁটৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হয়৷ এইক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকে ৰংঘৰ চাৰিআলি যুৱ জামাতকে ধৰি প্ৰতিটো যুৱ সমাজক এই মহৎ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে৷ পৱিত্ৰ ঈদৰ লগত সংগতি ৰাখি হাতত লোৱা এনে পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰে৷ ইফালে, আজি ঈদৰ দিনটোত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আমগুৰি যুৱ সমাজে ঐতিহাসিক মেটেকা আৰু জোলাগাঁও অঞ্চলৰ কে’বাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ঘৰে ঘৰে গৈ ঈদৰ ওলগ জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে৷
ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট ঃ মাহজোৰা পৱিত্ৰ ৰমজানৰ ৰোজাৰ পাছত আজি সমগ্ৰ দেশৰ লগতে যোৰহাটতো ইছলাম ধৰ্মাৱলম্বীসকলে উলহ-মালহৰে পালন কৰে ঈদুল-ফিতৰ৷ আজি নগৰৰ চেউনি আলি মছজিদ, ভোগদৈ মুখ মছজিদ, ৰয়েল ৰোড মছজিদ, গড়আলি, পুৰণা বালিবাট, তৰাজান, কবৰস্থান ৰোড, ৰজাবাৰী, লিচুবাৰী মছজিদৰ লগতে যোৰহাটৰ কেন্দ্ৰীয় ঈদগাহতো সম্পন্ন হয় ঈদৰ সমূহীয়া নামাজ৷ উল্লেখ্য যে পুৱাৰ ভাগত বতৰে কিছু বিধি-পথালি দিছিল যদিও নামাজৰ সময়ত বতৰ ভাল হোৱাত যোৰহাট ঈদগাহৰ ঈদৰ নামাজত প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে ক’ভিডৰ বাবে বিগত দুটা বছৰে যোৰহাট ঈদগাহত ঈদৰ সমূহীয়া নামাজ হোৱা নাছিল৷ এইবাৰ ক’ভিডৰ কোনো নীতি-নিয়ম নথকাৰ বাবে ঈদৰ নামাজত লোকসকলে উৎসাহ মনেৰে ওলাই আহে৷ উল্লেখ্য যে পশ্চিম তৰাজান মছজিদৰ ইমাম হুছেইন আহমেদে পঢ়োৱা ঈদৰ নামাজত অসমৰ শান্তি-সম্প্ৰীতিৰ লগতে ক’ভিড যাতে পুনৰ নাহে তাৰ লগতে বিশ্বশান্তিৰ বাবে সকলোৱে দোৱা কৰে৷ উল্লেখ্য যে নামাজৰ পূৰ্বে ঈদগাহ পৰিচালনা সমিতিয়ে ঈদৰ নামাজত ইমামতি কৰা ইমামৰ লগতে কে’বাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়৷ আনহাতে, ঈদৰ বাবে নগৰৰ মছজিদসমূহো সজাই-পৰাই তোলাৰ লগতে আদৰণী গেট আদিও দিয়ে৷ লগতে যোৰহাট কবৰস্থানৰ পথতো স্থানীয় যুৱক সকলে আটকধুনীয়াকৈ বিভিন্ন আলোক সজ্জাৰে সজোৱা দেখা গৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here