Home স্থানীয় ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

105
0

গণ বাৰ্তা, ফিল’বাৰী, ২১ জুনঃ ভাৰতীয় সেনা বাহিনীৰ ডুমডুমা ৰূপাইস্থিত  সেনা শিবিৰৰ চেপাৰ তৃতীয় কৰ্পৰ উদ্যোগত ফিলবাৰী সেনা শিবিৰত আজি স্থানীয় যুৱ সকলৰ সৈতে  সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত পোষ্টাৰ অংকন , কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মানুহৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবে যোগ বিদ্যাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ ২১ জুন তাৰিখে উদযাপন কৰা এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় সমাজ সেৱা সংগঠনৰ সদস্যৰ লগতে সেনা বাহিনীৰ ফিল’বাৰী শিবিৰৰ বিষয়া আৰু জোৱান সকলে অত্যন্ত উৎসাহেৰে (vigor and zeal) অংশ গ্ৰহণ কৰে। কভিড প্ৰটকল অনুসৰণ কৰি অনুস্থিত আজিৰ এই কাৰ্য্যসূচীত সেনা জোৱান সকলে যোগ বিদ্যাৰ কেইবাটাও আসন প্ৰদৰ্শন কৰে। আনহাতে, ফিল’বাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য্য-আচাৰ্য্যা,অভিভাৱক লগতে নিকেতনৰ প্ৰাক্তণ ছাত্ৰ ছাত্ৰ  সকলেও নিজ নিজ গৃহৰ পৰা গুগোল মিতৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here