Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূবত দাইল-খোৱাতেল উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰৰ : উত্তৰ-পূবত দাইল-খোৱাতেল উৎপাদন বৃদ্ধিৰ লক্ষ্য...

উত্তৰ-পূবত দাইল-খোৱাতেল উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰৰ : উত্তৰ-পূবত দাইল-খোৱাতেল উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰৰ

96
0


নতুন দিল্লী, ৭ আগষ্ট ঃ ২০১৯১ জুলাইৰ পিছত প্ৰথমবাৰলৈ অনুষ্ঠিত নিটি আয়োগৰ গৱৰ্নিং কাউন্সিলৰ গুৰুত্বপূৰ্ণ বৈঠক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়৷ এই বৈঠকত বহু বিষয়ৰ ওপৰত চৰ্চা হয়৷ বিশেষকৈ চৰকাৰে ২০৪৭ চনলৈ এক লক্ষ্য নিৰ্ধাৰণ কৰি ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ এক সংকল্প লৈছে আজিৰ বৈঠকত৷ ক’ভিডৰ পিছৰ পৰিস্থিতি আৰু ২০৪৭ ত ভাৰতৰ লক্ষ্যৰ সন্দৰ্ভত হোৱা আলোচনাত কেন্দ্ৰীয় চৰকাৰে খোৱাতেলৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত এক লক্ষ্য লোৱাৰ কথা সদৰী কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে খোৱাতেলৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ আমদানি কৰা খোৱাতেলৰ মুঠ চাহিদাৰ প্ৰায় আধা পূৰণ কৰা হৈছে আৰু সম্পূৰ্ণ চাহিদা পূৰণ কৰাৰ লক্ষ্য ৰখা হৈছে৷ নিটি আয়োগৰ সদস্য ৰমেশ ছন্দই কয় যে ভাৰতে এক লাখ কোটি টকাৰ খোৱাতেল আমদানি কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খোৱাতেল আমদানি হ্ৰাস কৰাৰ বাবে ৰাজ্যসমূহে খোৱাতেল উৎপাদনৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব৷ উত্তৰ-পূবৰ ৰাজ্যসমূহত খোৱাতেলৰ উৎপাদন বৃদ্ধি কৰিব লাগিব৷ উত্তৰ-পূবৰ ৰাজ্যসমূহত খোৱাতেলৰ লগতে দাইলৰ উৎপাদনো বৃদ্ধিৰ লক্ষ্য ৰাখিছে চৰকাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা প্ত-৬ বছৰত দাইলৰ উৎপাদন দ্ৰুতহাৰত বৃদ্ধি পাইছে৷ কিছু দাইল ভাৰতে আমদানি কৰি আছে যদিও আন কিছু দাইল আকৌ ভাৰতে ১৫ানি কৰিবলৈ সক্ষম হৈছে৷ ভাৰতত মচুৰ দাইল, ৰহৰ দাইলৰ উৎপাদন পৰ্যাপ্ত নোহোৱাৰ বাবে এই দাইলসমূহ আমদানি কৰিবলগীয়া হৈছে৷ ভাৰতে আগন্তুক সময়ছোৱাত মচুৰ আৰু ৰহৰ দাইলৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল হ’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত ভাৰত দ্ৰুত হাৰত আগবাঢ়িছে আৰু আত্মনিৰ্ভৰশীল হোৱাৰ পথত আছে৷ এই বৈঠকতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে যদি ৰাজস্থানৰ ১৩খন জিলাত জলসিঞ্চনৰ সুবিধা আগবঢ়োৱা হয়৷ তেন্তে ভাৰত খোৱাতেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আগবাঢ়িব পাৰিব৷ তেওঁ উত্তৰ-পূবৰ ৰাজ্যসমূহত খোৱাতেল আৰু দাইলৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰিবলৈয়ো কয়৷ আনহাতে, এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিক ৰাজ্যত বলৱৎ কৰাৰ বিষয়টোৰ বিৰোধিতা কৰে৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰাজ্যত বলৱৎ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰে৷ আজিৰ বৈঠকত বিনামূলীয়াকৈ আগবঢ়াই থকা সুবিধাসমূহৰ বিষয়ে চৰ্চা নহয়৷ লগতে তেলেংগানাৰ সন্দৰ্ভত কোনোধৰণৰ আলোচনা নহয়৷ কিন্তু এই বৈঠকত ৰাষ্ট্ৰীয় শিক্ষানীতি, ক’ভিডৰ পিছৰ পৰিস্থিতি আৰু ২০৪৭১ লক্ষ্য সন্দৰ্ভত চৰ্চা হয়৷ ইয়াৰ লগতে দাইলৰ উৎপাদন আৰু অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ বিষয়েও চৰ্চা হয়৷ যি বৈঠক ভাৰতত অনুষ্ঠিত হ’ব৷ আজিৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিডৰ সংকটৰ সময়ত ভাৰতৰ ফেডাৰেল গাঁথনি আৰু সহযোগিতামূলক ফেডাৰিলিজম সমগ্ৰ বিশ্বৰ বাবে এক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে৷ উল্লেখ্য যে ২০১৯১ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয়শাসিত ৰাজ্যৰ উপ-ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশ লয়৷ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতীন গাডকাৰি, ৰাজনাথ সিং, এছ জয় শংকৰৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানকে ধৰি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ বিপৰীতে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰায়ে এই বৈঠক বহিষ্কাৰ কৰে৷ বিহাৰৰ মুখ্যমন্ত্ৰী শাৰীৰিক স্বাস্থ্যৰ কাৰণত এই বৈঠকত অংশ নলয়৷ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকত অংশ নোলোৱাৰ সন্দৰ্ভত কয় যে তেলেংগানাৰ বিৰুদ্ধে কেন্দ্ৰই ভেদভাবৰ নীতি অৱলম্বন কৰিছে৷ সেইবাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি এই বৈঠক বহিষ্কাৰ কৰাৰ বিষয়টো অৱগত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here