বাইহাটা চাৰিআলিৰ পৰা বিচিত্র নাৰায়ণ ভুঞা, ৩০ মে : আজি নেচনেল ডেমক্রেটিক এলায়েঞ্চ নেতৃত্বাধীন চৰকাৰৰ প্রধান মন্ত্রী হিচাপে নৰেন্দ্র মোদী ডাঙৰীয়াই একেৰাহে সাতোটাকৈ বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হ’ল। নৰেন্দ্র দামোদৰ ভাই মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত এন ডি এ প্রথম পাছ বছৰীয়া কাৰ্যকাল অতি সুকলমে পাৰ কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে দেশৰ জনতাই মোদি ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়টো কার্যকাল শাসন চলাবলৈ অনুমতি প্ৰদান কৰিছিল। আজি প্রধান মন্ত্রী নৰেন্দ্ৰ মোদিনেতৃত্বাধীন দ্বিতীয় কার্যকালৰ দ্বিতীয় বৰ্ষপূতি। আজি এই বৰ্ষপূতি উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ মানব কল্যান মুলক কাম কাজ কৰা পৰিলক্ষিত হয়। সেই উপলক্ষে আমাৰ ৰাজ্য খনতো বিজেপি দলৰ কর্ম কর্তাই বিভিন্ন জন কল্যাণ মূলক কাম কাজ কৰা পৰিলক্ষিত হৈছে। বিজেপি বেজেৰা মণ্ডলৰ কর্ম কর্তা সকলৰ উদ্যোগত আজি বেজেৰা আৰু বাইহাটা চাৰিআলিত বর্তমান ৰাজ্য খনত দেখা দিয়া ভয়াৱহ ক’ৰণা মহামাৰীৰ সংক্ৰমণ প্রতিৰোধ কৰাৰ উদ্দেশ্যৰে জন সমাগম হোৱা ঠাই সমূহত চেনিটাইজেচন কার্যসূচী ৰূপায়ন কৰা হয়। বেজেৰা চকৰ চাৰিওটি পথৰ দুয়োকাষে বিজেপিৰ কর্ম কর্তা সকলে চেনিটাইজেচন কার্যসূচী ৰূপায়ন কৰে। বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলীপ চন্দ্ৰ ডেকা, উপ সভাপতি মুনীন্দ্র বেজ, জেষ্ঠ কৰ্মী বেদান্ত বৰুৱা, দণ্ডধৰ ভুঞা, বনজিত ডেকা বিজেপি বেজেৰা মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মানবেন্দ্ৰ ডেকাকে ধৰি বিভিন্ন জনে এই কার্যসূচীত অংশ গ্ৰহণ কৰে। ঠিক তেনেদৰে বাইহাটা চাৰিআলিতো বিজেপি বেজেৰা মণ্ডলৰ কোষাধ্যক্ষ ধনঞ্জয় ডেকা আৰু আগডলা পঞ্চায়তৰ সভাপতি তিলক শৰ্মা, বেজেৰা মণ্ডল বিজেপিৰ সম্পাদক ভাস্কৰজ্যোতি কলিতাৰ নেতৃত্বত এটি ত্রিশ পয়ত্রিশ জনীয়া দলে বাইহাটা চাৰিআলি বজাৰত বিনামুলীয়াকৈ হেণ্ড চেনিটাইজাৰ আৰু মাক্স বিতৰণ কৰে। ইয়াৰ পিচত কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ সহযোগত বিজেপি দলৰ উক্ত কর্ম কর্তা সকলে বাইহাটা চাৰিআলিৰ চাৰিওটা পথতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে চেনিটাইজেচন কার্যসূচী সম্পন্ন কৰে।