Home অসম গোৱালপাৰাত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান : উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ...

গোৱালপাৰাত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান : উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মাটিয়া থানাৰ উপ-পৰিদৰ্শক চবিন পাল দাস

111
0


গণ বাৰ্তা বিশেষ, গোৱালপাৰা, ৭ আগষ্ট ঃ গোৱালপাৰাত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এক সফল অভিযান চলাই এগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াগৰাকীৰ নাম হ’ল ছবিন পাল দাস৷ তেওঁ মাটিয়া আৰক্ষী থানাৰ উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ তেওঁ ৩৫ হাজাৰ টকা উৎকোচ হিচাপে গ্ৰহণ কৰি থকা অৱস্থাতে অভিযানকাৰী দলটোৱে হাতে-লোটে ধৰা পেলায়৷ উল্লেখযোগ্য যে প্ৰায় চাৰিমাহ পূৰ্বে মাটিয়া আৰক্ষী থানাত কঁঠালবাৰীৰ ছাহাদত আলী নামৰ এগৰাকী অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল৷ এই গোচৰটোৰ তদন্তকাৰী বিষয়া [আই অ’] আছিল উপ-পৰিদৰ্শক চবিন পাল দাস৷ অভিযোগ মতে দাসে গোচৰটোৰ তদন্তৰ দায়িত্ব লৈয়ে অভিযুক্ত ছাহাদত আলীৰ পৰা দাবী কৰিছিল ৫৫ হাজাৰ টকা৷ দাবী কৰা ধন দিব নোৱাৰি দীৰ্ঘদিন ধৰি পলাই ফুৰা দৰিদ্ৰ ছাহাদত আলীয়ে কিছুদিন পূৰ্বে উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে৷ ইয়াৰ পিছতো আন এক অজুহাতত উপ-পৰিদৰ্শকগৰাকীয়ে ছাহাদত আলীক ৩৫ হাজাৰ টকা দাবী কৰি ব্যতিব্যস্ত কৰি তোলে বুলি অভিযোগত প্ৰকাশ৷ অৱশেষত উপায়হীন হৈ ছাহাদত আলীয়ে জিলা আৰক্ষী অধীক্ষকৰ সহযোগত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সঞ্চালকৰ লগত যোগাযোগ কৰে৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটি দলে আজি মাটিয়া আৰক্ষী থানাৰ উপ-পৰিদৰ্শকগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰে৷ সেইমতে পৰিকল্পনা অনুসৰিয়েই আজি দুপৰীয়া ছাহাদত আলীয়ে উপ-পৰিদৰ্শকগৰকীক থানাৰ ভিতৰতে দাবী কৰা উৎকোচৰ ৩৫ হাজাৰ টকা আদায় দিয়ে৷ সেই সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ছাহাদত আলীৰ জৰিয়তে বিষয়াগৰাকীক দিয়া উৎকোচৰ ধনৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে চবিন পাল দাসৰ গোৱালপাৰা চহৰৰ বেলতলাস্থিত নিজ বাসগৃহতো তালাচী চলায়৷ বাসগৃহত তালাচী চলোৱাৰ অন্তত উপ-পৰিদৰ্শকগৰাকীক গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here