ষ্টাফ ৰিপ’টাৰ, নলবাৰী, ৯ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে যুৱ নেতা চবিৰ আহমেদে৷ বিজেপিৰ সংখ্যাল মৰ্ঘুচাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৱে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ হিচাপে পৰিচিত চবিৰ আহমেদক সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে৷ নলবাৰী চহৰৰ বৰমা ৰোড নিবাসী চবিৰ আহমেদে ইয়াৰ পূৰ্বে বিজেপি সংখ্যালঘু মৰ্চাৰ নলবাৰী টাউন মণ্ডল সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ শাসকীয় দলৰ এই গুৰুত্বপূৰ্ণ পদটো লাভ কৰাৰ ক্ষেত্ৰত তেওঁ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, জিলাখনৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মংগলদৈৰ সাংসদ দিলীপ শইকীয়া,বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ আদিক বিশেষভাবে কৃতজ্ঞতা জনায়৷ ইপিনে, চবিৰ আহমেদে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি হিচাপে নিযুক্তি পোৱাত বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে৷