Home অসম ৰাজ্যত তালিবানৰ সপক্ষে ফেচবুকত প’ষ্ট দিয়া চৈধ্যজনৰ জামিন লাভ ইউএপিএৰ অধীনত জামিন...

ৰাজ্যত তালিবানৰ সপক্ষে ফেচবুকত প’ষ্ট দিয়া চৈধ্যজনৰ জামিন লাভ ইউএপিএৰ অধীনত জামিন লাভ ১৪ অভিযুক্তৰ

129
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : তালিবানৰ সমৰ্থনত ফেচবুকত প’ষ্ট দি গ্ৰেপ্তাৰ হৈছিল ১৪জনকৈ  লোক। ইউএপিএ আৰু আই টি এক্টৰ অধীনত ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। আজি তালিবানৰ সমৰ্থনত ফেচবুকত প’ষ্ট দিয়া ১৪জন অভিযুক্তই জামিন লাভ কৰিছে। জানিব পৰা অনুসৰি ইউএপিএৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ পিছত পৰ্যাপ্ত তথ্য প্ৰমাণ আৰক্ষীয়ে দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন লাভ কৰে ১৪ অভিযুক্তই। উল্লেখ্য যে মাৰ্কিন সেনাহ× আফগানিস্তানৰ পৰা প্ৰস্থান কৰাৰ পিছত তালিবানে  আফগানিস্তানৰ শাসনভাৰ হস্তগত কৰাৰ পিছত তালিবানৰ সমৰ্থনত জয়গান গাই অসমত ৰঙাঘৰত সোমাইছিল কেইবাজনো লোক। ২১ আগষ্টলৈ অতি কমেও ১৪জন লোকক ফেচবুকত তালিবানৰ সমৰ্থনত কথা লিখাৰ কাৰণে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ একাধিক দফাৰ লগতে কঠোৰ আপাৰ ধাৰা বলৱৎ কৰা হৈছিল। আপাৰ অধীনত জামিন পোৱা যথেষ্ট কঠিন যদিও ৰাজ্যৰ বিভিন্ন নিম্ন আদালতে তথা উচ্চ ন্যায়ালয়ে সৰ্বমুঠ ১৪জনক জামিন প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সেহ× সময়ত টুহ×টাৰত গ্ৰেপ্তাৰ হোৱাসকলৰ তালিকা প্ৰকাশ কৰিছিল। জামিন লাভ কৰাসকলৰ মাজত আছে এআইইউডিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জমিয়তৰ অসম শাখাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমী। দৰঙৰ ছিপাঝাৰৰ কাছিমীক  উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে। কাছিমীক জামিন প্ৰদান কৰি উচ্চ ন্যায়ালয়ে কয় — ফেচবুকৰ কথাখিনিৰ বাহিৰে অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক তথ্য পোৱা নগ’ল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে জামিন প্ৰদান কৰি কয় — যদিও ‘আপত্তিজনক’ কথা খিনি ফেচবুকত তেওঁৱেহ× লিখিছিল; কিন্তু সেয়া তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ শুনানি আৰম্ভ কৰিবলৈ পৰ্যাপ্ত নহয়। উল্লেখযোগ্য যে একবিংশ অসম আৰক্ষীৰ কনিষ্টবল চাহ×দুল  হকো তালিবানক সমৰ্থন কৰি ফেচবুকত লিখাৰ কাৰণে গ্ৰেপ্তাৰ হৈছিল। তেওঁ ফেচবুকত ‘অভিনন্দন তালিবান’ বুলি লিখাৰ কাৰণে তেওঁৰ বিৰুদ্ধে আপাৰ অধীনত গোচৰ ৰুজু হৈছিল। আদালতে তেওঁক জামিন প্ৰদান কৰি কয় — প্ৰাথমিক পৰ্যায়ত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কোনোধৰণৰ তথ্য প্ৰদান দিব নোৱাৰিলে, যি তেওঁ সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰে বুলি প্ৰমাণ কৰে। একেধৰণৰ গোচৰত উচ্চ ন্যায়ালয়ে  জামিন প্ৰদান কৰা আনকেহ×জন হৈছে — জাবেদ হুছেহ×ন মজুমদাৰ, ফাৰুক হুছেহ×ন খান, মজিদুল হ×ছলাম, অমান হুছেহ×ন, নাদিম আখতাৰ, বছিৰউদ্দিন লস্কৰ, মকবুল আলমগড়, আবু বক্কৰ ছিদ্দিকী, মুজিবুদ্দিন, মুৰতাজা হুছেহ×ন খান আৰু য়াছেন খান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here