Home স্থানীয় বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ চেনিটাইজেশ্যেন কাৰ্যসূচী

বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ চেনিটাইজেশ্যেন কাৰ্যসূচী

29
0

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ ২৭ মেঃ মহামাৰী ক’ৰোনাৰ সংকট কালত সহায়ৰ বাবে আগবাঢ়ি আহিছে মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখা ৷ ৰক্তদান , ২৪ ঘন্টীয়া অক্সিজেন আৰু এম্বুলেন্স সেৱা প্ৰদান কৰাৰ পাছত এইবেলি মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাই আৰম্ভ কৰিছে চেনিটাইজেশ্যেন কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত মন্দিৰ , মছজিদ, গুৰুদ্বাৰ , বেংক , প্ৰেছ ক্লাব , আৰক্ষী থানা , শ্মশান আদি স্থান সমূহ বাছি লৈছে চেনিটাইজেশ্যেনৰ বাবে ৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত প্ৰথম চেনিটাইজেশ্যেন কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷ ইয়াৰ পিছতে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকী আৰু ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাতো চেনিটাইজ কৰা হয় ৷ চাৰিদিন ধৰি এই কাৰ্যসূচী চলিব বুলি জানিব দিছে মাৰোৱাৰী যুৱ মঞ্চই ৷ এই কাৰ্যসূচীত মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ সভাপতি হিমাংশু তুৱানি আৰু সাধাৰণ সম্পাদক মুকুল জৈন সহ আৰু কেবাজনো বিষয় ববীয়া উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here