Home Main Stories উইম্বলডনত আৰু দেখা নাযাব ছানিয়া মিৰ্জাক : অন্তিমখন মেচ খেলি উইম্বলডনক বিদায়...

উইম্বলডনত আৰু দেখা নাযাব ছানিয়া মিৰ্জাক : অন্তিমখন মেচ খেলি উইম্বলডনক বিদায় ছানিয়াৰ

96
0


নতুন দিল্লী, ৭ জুলাই ঃ
ভাৰতৰ টেনিছ তাৰকাৰ নাম মনলৈ আহিলে এটাই নাম উচ্ছাৰণ হয়, সেয়া ছানিয়া মিৰ্জা৷ যিগৰাকী তাৰকাই দীৰ্ঘ বছৰ ধৰি ভাৰতৰ হৈ টেনিছ প্ৰতিযোগিতাসমূহত প্ৰতিনিধিত্ব কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল, সেইগৰাকী তাৰকাই আজি টেনিছৰ প্ৰখ্যাত টুৰ্ণামেণ্ট গ্ৰেণ্ড শ্লেম উইম্বলডনক বিদায় ঘোষণা কৰিলে৷ এতিয়াৰে পৰা আৰু তেওঁক উইম্বলনডত দেখা পোৱা নাযাব৷ভাৰতৰ জ্যেষ্ঠ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু তেওঁৰ ক্ৰুৱেছিয়াৰ সহযোগী মেট পাভিকে চলিত উইম্বলনডৰ মিশ্ৰিত শাখাৰ ছেমি ফাইনেলত ব্ৰিটিছ-আমেৰিকান যুটি নীল স্কুপস্কি আৰু ডাইছিয়েৰ ক্ৰাভজিকৰ হাতত পৰাস্ত হৈ বিশ্বৰ আটাইতকৈ পুৰণি গ্ৰেণ্ড শ্লেমৰ পৰা বাহিৰ হয় আৰু ইয়াৰ লগে লগে উইম্বলডনত ছানিয়াৰ সমাপ্তি ঘটে৷ তেওঁ উইম্বলডনত অংশ লোৱাৰ পূৰ্বে ঘোষণা কৰিছিল যে এইখনেই তেওঁৰ কেৰিয়াৰৰ শেষ উইম্বলডন হ’ব৷ তেওঁৰ যুটিয়ে চলিত উইম্বলডনত ৬-চ্ছ্ৰ, প্ত-জ্জ, চ্ছ্ৰ-৬ ছেটত পৰাস্ত হয়৷ উল্লেখ্য যে তেওঁ অন্তিমখন টুৰ্ণামেণ্টত অংশ লৈ উল্লেখ কৰে– উইম্বলডনত অংশ লোৱাটো আৰু ২০ বছৰে জয়ৰ বাবে সংঘৰ্ষ কৰাটো জীৱনৰ এক স্মৰণীয় সময় হৈ ৰ’ব৷ ৩৫ বছৰীয়া ছানিয়াই ৬টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে৷ ইয়াৰ ভিতৰত আছে তিনিটা মিক্সড্‌ ডাবল্‌ছ খিতাপ৷ কিন্তু তেওঁ উইম্বলডনত মিক্সড্‌ ডাবল্‌ছ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই৷ তেওঁ ২০০৯ চনত অষ্ট্ৰেলিয়ান অ’পেন আৰু ২০১২ত ফ্ৰেন্স অ’পেন মহেশ ভূপতিৰ সৈতে মিক্সড্‌ ডাবল্‌ছৰ খিতাপ দখল কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here