Home ৰাজনীতি চৰণজিৎ সিং ছন্নী হ’ব পাঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

চৰণজিৎ সিং ছন্নী হ’ব পাঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

81
0

চণ্ডীগড়, ১৯ ছেপ্টেম্বৰ: প্ৰায় ৫ মাহৰ বাবে পঞ্জাবৰ মুখ্যমন্ত্ৰী হ’ব চৰণজিৎ সিং ছন্নী। ২০২২ৰ   বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেপ্তেইন অমৰিন্দৰ সিঙে  শনিবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ এক উৎকণ্ঠা চলি আছিল। ইয়াৰ মাজতেই আজি কংগ্ৰেছী বিধায়নী দলৰ বৈঠক অনুষ্ঠিত হৈছিল। পুৱাৰে পৰা চণ্ডীগড়স্থিত কংগ্ৰেছৰ কাৰ্যালয়ত দিল্লীৰ নেতাৰ সোঁত বৈছিল। এখনৰ পিছত আন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত বিধায়কসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, য’ত উপস্থিত আছিল পঞ্জাব কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত হৰিশ ৰাৱাটৰ লগতে আন বহু জ্যেষ্ঠ নেতা। এই বৈঠকতে চৰণজিৎ সিং ছন্নীক বিধায়ক দলৰ নেতা ৰূপে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ পিছতেই হৰিশ ৰাৱাটে টুইটাৰৰ জৰিয়তে ঘোষণা কৰে যে পঞ্জাবৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব চৰণজিৎ সিং ছন্নী। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ দৌৰত আছিল সুখজিন্দৰ সিং ৰান্ধাৱা। উল্লেখ্য যে ছন্নী হৈছে দলিত সম্প্ৰদায়ৰ পৰা অহা এগৰাকী নেতা। অমৰিন্দৰ সিঙৰ সময়ছোৱাত তেওঁ মন্ত্ৰীসভাত পৰ্যটন মন্ত্ৰীৰূপে স্থান লাভ কৰিছিল। কিন্তু তেওঁ অমৰিন্দৰ সিঙৰ ঘোৰ বিৰোধী আছিল। তেওঁ পঞ্জাব বিধানসভাত বিৰোধী নেতা ৰূপে আছিল। কাইলৈ পুৱা ১১ বজাত তেওঁ আনুষ্ঠানিকভাৱে পঞ্জাবৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here