Home অসম নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল, চাৰ্জশ্বিটত উল্লেখ...

নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল, চাৰ্জশ্বিটত উল্লেখ পত্নী নুছৰত হাজৰিকা, ফৰহাদ আলীৰ নাম: ক্ষমতাৰ অপপ্ৰয়োগেৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ

178
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১ ডিচেম্বৰৰ ঃ ক্ষমতাৰ অপপ্ৰয়োগেৰে কোটি কোটি টকা সংগ্ৰহ কৰাৰ লগতে বিশাল সম্পত্তিৰ অধিকাৰী হৈছিল নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকা৷ আয়তকৈ ১৬৪.৮০ শতাংশৰ অধিক সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছিল৷ দুৰ্নীতি প্ৰতিৰোধী আইনৰ ১৩[ৰ][এ][বি]য১৩[২] ধাৰাত ৬য২০২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল৷ তদন্তৰ সময়ত পূৰ্বে কল্পনা কৰাতকৈয়ো অধিক সম্পত্তিৰ তথ্য লাভ কৰিছিল তদন্তকাৰী বিষয়াই৷ ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ মূল্য তদন্ত কালত চ্ছ্ৰ,০০,৯৯,৫৯৭ টকা হ’ব বুলি ঠাৱৰ কৰা হৈছিল৷ যি তেওঁৰ আয়তকৈ ২১০ শতাংশৰ অধিক৷ এই আয়ৰ তথ্য দিয়াত ব্যৰ্থ হৈছিল ৰৌণক আলী হাজৰিকা৷ কালি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰী তদাৰকী শাখাই৷ পূৰ্বে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে থকা অভিযোগৰ সৈতে সাঙোৰ খাই পৰিছিল পত্নী নুচৰৎ আলী হাজৰিকা আৰু ফৰহাদ আলীৰ নাম৷ উল্লেখ্য যে ৰৌণক আলীয়ে শিমলাকে ধৰি ৰাজ্যৰ বাহিৰৰ দুই ঠাইত সম্পত্তি গঢ়ি তুলিছিল৷ তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাৱৰ সম্পত্তি গঢ়ি তুলিছিল ৰৌণক আলী হাজৰিকাই৷ ইয়াৰ অধিকাংশই পত্নী নুচৰৎ ৰৌণক আলী হাজৰিকাৰ নামত আছিল৷ আনহাতে, বিদেশত অধ্যয়ন কৰি থকা কন্যালৈ মাহেকত ২৩ লাখকৈ ধন প্ৰেৰণ কৰিছিল ৰৌণক আলী হাজৰিকাই৷ এই ধন ফৰহাদ আলীৰ যোগেদি প্ৰেৰণ কৰিছিল ৰৌণক আলী হাজৰিকাই৷ বিশেষ আদালতৰ কালি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে, য’ত পত্নী নুচৰতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, দুৰ্নীতি প্ৰতিৰোধী আইনৰ আৰ ডব্লিউ ১২য১৩[২] ধাৰা ধাৰ্য কৰাৰ লগতে ধন প্ৰেৰণ কৰাত সহায় কৰা ফৰহাদ আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০[বি] আৰু দুৰ্নীতি প্ৰতিৰোধী আইনৰ ১৩[২] নম্বৰ ধাৰা ধাৰ্য কৰিছে৷ ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বিটত পত্নী নুচৰৎ ৰৌণক আলী হাজৰিকা আৰু ফৰহাদ আলীৰ নাম আছে৷ উল্লেখ্য যে ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দেশত গুৰুত্বপূৰ্ণ তথ্য শত্ৰু ৰাষ্ট্ৰক হস্তান্তৰ কৰাৰ অভিযোগো উত্থাপন কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে ৰৌণক আলী হাজৰিকাই বিভাগক নজনোৱাকৈয়ে ১৩বাৰ বিদেশ ভ্ৰমণ কৰাৰ পিছত তেওঁক চাকৰীৰ পৰা নিলম্বন কৰা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here