গণ বাৰ্তা , হাজো,৬ ছেপ্তেম্বৰঃ ৰামদিয়া শ্ৰীশ্ৰী দামোদৰ দেৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ৰামদিয়া মৌজা ভিত্তিত তিনি দিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমাণি ভলীবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চুড়ান্ত খেলত চতলাবৰী চুপাৰ ষ্টাৰ ক্লাৱ চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। ৰামদিয়া চৌধুৰীপাৰা শ্ৰীশ্ৰী পোৰাভিঠা সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত চুড়ান্ত খেলত চতলাবৰীয়ে হাহদিয়া পুথিভঁৰালক ২–০ গেমত পৰাজিত কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা বিশ্বজ্যোতি ক্লাৱ নামপাৰাৰ মানৱ তালুকদাৰে লাভ কৰে।খেলৰ অন্তত বটা সমূহ বিতৰণ কৰে এমট্ৰণৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰকায়স্থ আৰু ৩ নং জিলা পৰিষদৰ সদস্য বিপুল দাসে।মৌজা খনৰ চৈধ্যটা ভলীবল দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খন পৰিচালনা কৰে ভবিন চন্দ্ৰ ভৰালীয়ে।