Home অসম যমুনামুখত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন আজমলৰ, মুখ্যমন্ত্ৰীক পৰ্যাপ্ত খাদ্য-সামগ্ৰী যোগানৰ আহ্বান

যমুনামুখত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন আজমলৰ, মুখ্যমন্ত্ৰীক পৰ্যাপ্ত খাদ্য-সামগ্ৰী যোগানৰ আহ্বান

239
0


গণ বাৰ্তা, হোজাই, ১৯ মে’ ঃ সোমবাৰে তিনিখন কাঠৰ নাৱেৰে যমুনামুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ খবৰ ল’লে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ লগতে সমাজসেৱী সংগঠন আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা আৰিফৰ জৰিয়তে বন্যাৰ্তক খাদ্য-সামগ্ৰী, ট্ৰিপাল আদি বিতৰণ কৰিলে সাংসদ বদৰুদ্দিন আজমলে৷ এআইইউডিএফৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে যমুনামখ সমষ্টিৰ বানাক্ৰান্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুৰ্দশাৰ খবৰ লৈ আৱেগিক হৈ পৰে৷ সমষ্টিৰ চাৰ্লক, ভেদৌআটি, জংগলব্লক, বালিৰাম, বিন্নাকান্দি অঞ্চল নাৱেৰে পৰিদৰ্শন কৰি আৱেগিক হৈ পৰা দেখা যায়৷ আজমলে সংবাদ মাধ্যমৰ আগত কয়, আমি আজমল ফাউণ্ডেচন, মৰ্কজুল মা আৰিফ আৰু জমিয়তৰ ফালৰ পৰা বানাক্ৰান্ত লোকক খাদ্য-সামগ্ৰী, ট্ৰিপাল আদি যোৱা দুদিনৰ পৰা যোগান ধৰি আহিছোঁ৷ কিন্তু বানাক্ৰান্ত লোকৰ পৰা মই জনামতে, এতিয়ালৈকে চৰকাৰে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যোগান ধৰা নাই৷ এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে যমুনামুখ অঞ্চলত প্ৰায় পাঁচ ঘKI×া নাৱেৰে যাত্ৰা কৰি সংবাদ মাধ্যমৰ আগত কয়-এয়া যেন বানপানী নহয়, সাগৰসদৃশ হৈ পৰিছে৷ মানুহে পথৰ ওপৰত শিশুসকলক লৈ পুৰুষ-মহিলাসকলে আশ্ৰয় লৈছে৷ বৰ্তমান খাদ্য সংকট হৈ পৰিছে, শিশু খাদ্যৰো অভাৱ হৈছে৷ প্ৰয়োজনীয় দৰব নাই বুলি উল্লেখ কৰি আজমলে মুখ্যমন্ত্ৰী ড॰ঞ্জহিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনাই শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ আহ৩ান জনায়৷ ইফালে, যোৱা চাৰিদিন ধৰি ৰাজবাৰী, নীলবাগানৰ আশীনগৰ, ইছলামনগৰ, কঁঠালপুৰ, আলিনগৰ আদি গাঁৱৰ ৰাইজ বানপানীৰ কবলত পৰি কক্‌বকাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here