Home গুৱাহাটী চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা...

চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা মুখ্যমন্ত্ৰী

532
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্তেম্বৰ:  ১৯৬৬ চনৰ বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ জয়েৰে প্ৰথমগৰাকী অসমীয়া হিচাপে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ক্ৰীড়াংগণত অসমক এক নতুন পৰিচিতি প্ৰদান কৰা অৰ্জুন বঁটা বিজয়ী দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ ৮৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত ২০২১-২২ বৰ্ষৰ ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত আয়োজিত এই বিশেষ অনুষ্ঠানত ৰাজ্যপাল, প্ৰফেছৰ জগদীশ মুখীও উপস্থিত থাকে। অনুষ্ঠানত ২০২১-২২ বৰ্ষৰ বাবে নিয়মীয়া ক্ৰীড়া পেঞ্চন আৰু বিভিন্ন আগশাৰীৰ প্ৰতিযোগিতাত পদক জয়ী ক্ৰীড়াবিদলৈ আগবঢ়োৱা বিশেষ ক্ৰীড়া পেঞ্চনসহ মুঠ ৯৯ গৰাকী ক্ৰীড়াবিদলৈ মাহে ১০ হাজাৰ টকাকৈ ক্ৰীড়া পেঞ্চন আগবঢ়োৱা হয়। আনহাতে, অলিম্পিক, এছিয়ান গেম্‌ছ, কমনৱেল্‌থ গেম্‌ছ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰাজ্যখনৰ হৈ পদক অৰ্জন কৰা ১৫৩ গৰাকী ক্ৰীড়াবিদক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক অনুদান আগবঢ়াই সন্মানিত কৰা হয়। ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৩গৰাকী ক্ৰীড়াবিদক আনুষ্ঠানিকভাৱে পেঞ্চনৰ অনুমোদন-পত্ৰ প্ৰদানেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্য চৰকাৰৰ ক্ৰীড়া নীতি অনুসৰি ধনুৰ্বিদ সঞ্জয় বড়ো আৰু বক্সাৰ যমুনা বড়োক আবকাৰী পৰিদৰ্শক পদত নিযুক্তিৰ বাবে আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ১৯৬৬ চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই প্ৰথমগৰাকী অসমীয়া হিচাপে এছিয়াডত স্বৰ্ণ জয়ৰ খবৰটো বাতৰি কাকতৰ এচুকত এটা সৰু বাতৰি হিচাপে প্ৰকাশ পাইছিল। দীৰ্ঘদিনলৈকে মানুহে তেওঁৰ বিষয়ে জানিবই পৰা নাছিল। কিন্তু আজি সেই পৰিৱেশৰ আমূল পৰিৱৰ্তন হৈছে। ক্ৰীড়াক সন্মান জনোৱা এক পৰিৱৰ্তিত সমাজ ৱ্যৱস্থা আজি আমি দেখিবলৈ পাইছো। অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেওঁৰ ৮৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ৰ সীমিত সা-সুবিধাৰ মাজত বিৰল কৃতিত্ব অৰ্জন কৰি ৰাজ্যখনৰ নাম উজলোৱা এইগৰাকী মহান ক্ৰীড়াবিদৰ জীৱন আৰু সাফল্যই নতুন প্ৰজন্মৰ খেলুৱৈসকলক সদায়ে অনুপ্ৰাণিত কৰি যাব। বিগত ৩৮টা বছৰ ধৰি অভিৰু¿¸চ ক্ৰীড়া দিৱস আয়োজনেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উদ্‌যাপন কৰি অহাৰ বাবে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে গ্ৰহণ কৰা পদক্ষেপৰো মুখ্যমন্ত্ৰীয়ে শলাগ লয়। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰি ৰাজ্যৰ নাম উজলোৱা বহুসংখ্যক খেলুৱৈয়ে পৰৱৰ্তী জীৱনত আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে সকলো খেলুৱৈকে প্ৰাপ্য সন্মান প্ৰদৰ্শনৰ বাবে চলিত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে অসমৰ হৈ পদক অৰ্জন কৰা সকলো খেলুৱৈকে ক্ৰীড়া পেঞ্চন অথবা এককালীন আৰ্থিক অনুদান আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা চৰকাৰী ক্ৰীড়া পেঞ্চন মাথোঁ খেলুৱৈসকলৰ বাবেহে সংৰক্ষিত থাকিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক্ৰীড়া সংগঠকসকলক সন্মানিত কৰাৰ বাবে চৰকাৰে সুকীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিব। ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ক্ৰীড়াখণ্ডৰ উন্নয়নৰ বাবে ১ হাজাৰ কোটি টকাৰ বাজেটৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ ৫২ টা বিধানসভা সমষ্টিত নিৰ্মাণৰ বিভিন্ন স্তৰত থকা ৫২টা ক্ৰীড়া প্ৰকল্পৰ উপৰি চলিত বৰ্ষত আন ৪০টা ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এনে প্ৰতিটো প্ৰকল্পৰ বাবে ১২ কোটিকৈ টকা ব্যয় কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।  ৰাজ্যৰ নৱগঠিত জিলাসমূহকে ধৰি মুঠ ১০খন জিলাত ৫০ কোটিকৈ টকা ব্যয়ৰে ১০টা জিলা পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত চৰকাৰে এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব। চলিত বিত্তীয় বৰ্ষতে ইয়াৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। নতুনকৈ নিৰ্মাণ কৰা সকলো ক্ৰীড়া প্ৰকল্পতে কমপক্ষেও এটা নিৰ্দিষ্ট ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰি তাৰ বাবে প্ৰয়োজন সাপেক্ষে চৰকাৰী খৰচত প্ৰশিক্ষক নিয়োগ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। লাভ অৰ্জনৰ লক্ষ্য নোহোৱাকৈ স্থাপিত ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া একাডেমীসমূহলৈ চৰকাৰে আৰ্থিক সহযোগিতা আগবঢ়াব বুলিও আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ৰাজ্যৰ নতুন প্ৰজন্মৰ মাজত ক্ৰীড়াৰ এক অনুকূল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ সংশোধিত ক্ৰীড়া নীতিৰ অধীনত খেলুৱৈসকলৰ বাবে চৰকাৰী চাকৰিৰ এটা নিৰ্দিষ্ট শতাংশ সংৰক্ষণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাক তেওঁৰ উপজা দিন উপলক্ষে জাপি, শৰাই, উপহাৰৰ টোপোলা আদিৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত বৰেণ্য ক্ৰীড়াবিদগৰাকীৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়। ক্ৰীড়ামন্ত্ৰী বিমল বৰাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যপাল, প্ৰফেছৰ জগদীশ মুখী আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱায়ো ভাষণ প্ৰদান কৰে। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যকে ধৰি ৰাজ্য চৰকাৰৰ কে’বাগৰাকীও মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ক্ৰীড়া পেঞ্চনপ্ৰাপক খেলুৱৈসকলৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here