নিহতৰ পৰিয়ালক পাঁচ লাখ টকাৰ সাহায্য ঘোষনা; দুৰ্বৃত্তৰ এনে কাপুৰুষালি কেতিয়াও সহ্য কৰা নহ’ব”: ডঃ হিমন্ত বিশ্ব শৰ্মা

মাইনু মৰাণ, ডুমডুমা, ১৫ মে : তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অধীনত টিংৰাই চাৰিআলি বজাৰত কালি সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলীত আজি উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি ঘটনাৰ চৰজমিন বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ” দুৰ্বৃত্তৰ এনে কাপুৰুষালি কেতিয়াও সহ্য কৰা নহ’ব” বুলি স্পষ্ট উল্লেখ কৰি ঘটনাত জড়িত অপৰাধীক তৎকালে কৰায়ত্ত কৰাৰ বাবে অভিযান জোৰদাৰ কৰি তুলিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, কালি টিংৰাই বজাৰৰ পুৰণমল আগৰৱালাৰ দোকানৰ সন্মুখত মটৰ চাইকেলত অহা দুজন যুৱকে এটা গ্ৰনেড নিক্ষেপ কৰাৰ ফলত তিনিজন লোক আহত হৈছিল । আহত সকলৰ ভিতৰত দোকানখনৰ কৰ্মচাৰী সুৰজিৎ তালুকদাৰ(২২) আৰু গ্ৰাহক সঞ্জীৱ সিং(২৫) নিহত হয় । আজি মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিহত সুৰজিৎ তালুকদাৰৰ ঘৰলৈ গৈ পৰিয়ালটোৰ লগত দুখৰ সমভাগী হয় আৰু চৰকাৰে দুয়োটা পৰিয়ালকে সহায় কৰিব বুলি জনালে । মুখ্য মন্ত্ৰী গৰাকীয়ে নিহত দুয়োটা পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে । এই সাহায্য কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,শ্ৰম মন্ত্ৰী সঞ্জয় কিশান আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে প্ৰদান কৰিব । এই ঘটনাত কোন দুস্কৃতিকাৰী জড়িত তাৰ অনুসন্ধানৰ বাবে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকল টিংৰাইলৈ আহিছে । অপৰাধী যাতে হাৰি নেযায় তাৰ বাবে তদন্তকাৰী আৰক্ষীক নিৰ্দশ দিছে বুলি জনালে মুখ্য মন্ত্ৰী গৰাকীয়ে ।