Home অসম মুখ্যমন্ত্ৰীয়ে কয়লা ছিণ্ডিকেট বন্ধ কৰক

মুখ্যমন্ত্ৰীয়ে কয়লা ছিণ্ডিকেট বন্ধ কৰক

294
0

: দেৱব্ৰত শইকীয়া :

অসমত বিভিন্ন সময়ত অবৈধভাৱে খনিজ সম্পদ, প্ৰাকৃতিক খনিজ সম্পদসমূহ চৰকাৰক কোনো ৰাজহ  নিদিয়াকৈ ব্যৱসায় চলি থাকে এই কথাটো যোৱা কংগ্ৰেছ চৰকাৰৰ দিনতে পোহৰলৈ আহিছিল। অনুৰূপ ধৰণে যোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু বৰ্তমান ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ সময়তো এই তথ্য বিভিন্ন অঞ্চলৰ পৰা পোহৰলৈ আহিছে। আমাৰ অসমৰ ৰাজহ লোকচান কৰি কেতবোৰ লোকে অবৈধভাৱে কৰা শিল-বালি, কয়লা কাঠৰ চোৰাং ব্যৱসায় আৰু পৰিৱেশ ধ্বংস ৰোধ হ’ব লাগে এই কথাটো অসমৰ ৰাইজে দাবী জনায়। ময়ো এনে দাবীৰ পৰিপ্ৰেক্ষিতত ২০১৯ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা পি আই এল কৰিছিলোঁ। এই পি আই এলৰ পৰৱৰ্তী সময়ত অসম চৰকাৰক ন্যায়ালয়ে দিয়া নিৰ্দেশ অসম চৰকাৰে পালন নকৰাৰ বাবে উচ্চ ন্যায়াল অৱমাননাৰ গোচৰো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিছিলোঁ। সেই গোচৰমৰ্মে অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছিল। ইয়াৰ পূৰ্বেও এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে বিধানসভাত কে’বাবাৰো আলোচনা হৈছিল। তেতিয়া অসম চৰকাৰে এই ছিণ্ডিকেট বন্ধ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুৰ্ভাগ্যৱশত অবৈধ ব্যৱসায় বন্ধৰ বাবে চৰকাৰে সেইখিনি কৰা দেখা নগ’ল। শেহতীয়াকৈ অসম বিধানসভাত এই প্ৰসংগত আলোচনা হোৱাত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ওচৰ-চুবুৰীয়া ৰাজ্যৰ লগত সম্পৰ্ক বেয়া কৰাৰো এটা সীমা আছে বুলি কৈ মেঘালয়, মিজোৰামৰ পৰা ওলাই অহা গাড়ীসমূহ অসমৰ মাজেৰে অবৈধভাৱে কয়লাৰ সৰবৰাহ কৰিলেও অসম চৰকাৰে পৰীক্ষা কৰিব নোৱাৰে বুলি এক হাস্যকৰ যুক্তি প্ৰদান কৰিলে।

যদি অসমৰ পৰা সৰবৰাহ হয় তেতিয়াহ’লে অসমে ব্যৱস্থা ল’ম  বুলি ক’লে। লগতে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাৰ মজিয়াত ক’লে যে অসমত কোনো অবৈধ কয়লা ব্যৱসায় হোৱা নাই। কিন্তু আমি তথ্যসহকাৰে এই কথা কৈ আহিছোঁ যে মাৰ্ঘেৰিটাত আজি বহু দিন ধৰি কয়লাৰ অবৈধ ব্যৱসায় চলি আছে। ক’ল ইণ্ডিয়াৰ যি নিয়মমাফিক হ’ব লগা খনন বন্ধ থকা সত্ত্বেও। আৰু ইয়াৰ বাবে ২০১৯ চনত অসম চৰকাৰৰ  Directoret Of Zeology and Miningৰ ফালৰ পৰা ১৯জন লোকৰ নাম সন্নিৱিষ্ট কৰি তিনিচুকীয়া জিলা উপায়ুক্তক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কোৱা হৈছিল। এই লোকসকল সকলোৱেই বৰ্তমান চলি থকা চৰকাৰখনৰ প্ৰভাৱশালী ব্যক্তিৰ লগত ঘনিষ্ঠ। এই কথা অসমৰ ৰাইজে জানে আৰু বাতৰি কাকততো বিভিন্ন সময়ত এই বিষয়ে তথ্য প্ৰকাশ পাইছে। যোৱা ৯ ডিচেম্বৰৰ দিনাও এই সম্পৰ্কে কেতবোৰ বাতৰি কাকতত এই বিষয়ে প্ৰকাশ পাইছে। যোৱা ১৩ তাৰিখেও ৪খন ট্ৰাক বিভিন্ন যুৱকে তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত আবদ্ধ কৰিছিল, য’ত কয়লাৰ কোনো পৰিবহণৰ নথি-পত্ৰ নাছিল।

অনুৰূপ ধৰণে কালি তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ, তিনিচুকীয়া জিলাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে উপায়ুক্তক এখন স্মাৰক-পত্ৰৰ যোগেদি মাৰ্ঘেৰিটাত অবৈধভাৱে যিসকলে কয়লাৰ ব্যৱসায় কৰি থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ জনোৱা হয়। ইয়াৰ পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলাৰ গেলাপুখুৰী আৰক্ষী নিৱেশৰ ওচৰত ৪খন ট্ৰাক কোনোধৰণৰ নথি-পত্ৰ বিহীনভাৱে পৰিবহণ কৰি থকাৰ সময়ত স্থানীয় লোকে জব্দ কৰে। কিন্তু দুৰ্ভাগ্যৱশত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নিৰ্দেশত কনিষ্ঠ আৰক্ষী বিষয়াসকলে সেই ট্ৰাককেইখন মুকলি কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদনত অসমৰ ক’তো অবৈধ কয়লাৰ ব্যৱসায় চলা নাই বুলি কোৱা কথা মিছা হোৱাৰ প্ৰমাণ কালি তিনিচুকীয়াত স্পষ্টভাৱে পোৱা গ’ল। গতিকে মই আশা কৰোঁ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ বিহিত ব্যৱস্থা হাতত ল’ব। আজিৰ দিনটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ীদেৱৰ পৱিত্ৰ জন্মদিন। আৰু ভাৰত চৰকাৰে আজিৰ দিনটো সু-শাসনৰ দিন হিচাপে উদ্‌যাপন কৰে। এই ধৰণৰ অবৈধ ছিণ্ডিকেট বন্ধ হ’লেহে সু-শাসন প্ৰতিষ্ঠা হ’ব। সেয়েহে তিনিচুকীয়াত হৈ থকা  অবৈধ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে অতিশীঘ্ৰেই ব্যৱস্থা হাতত ল’বলৈ মই মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনালোঁ।                                                      

LEAVE A REPLY

Please enter your comment!
Please enter your name here