Home Main Stories বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে পুনৰ ১৯ কোটি ৯৭ লাখ ৮৬ হাজাৰ ৬৮২...

বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে পুনৰ ১৯ কোটি ৯৭ লাখ ৮৬ হাজাৰ ৬৮২ টকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

269
0

বটদ্ৰৱা, ১৬জানুৱাৰী:  “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ জাতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে নাছিল তেখেত আমাৰ জাতিৰ সৰ্ব্বস্ব আছিল।” এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি পুৱা উপস্থিত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্ৰৱা থানত। পুৱাই মুখ্যমন্ত্ৰী গৰাকীয়ে নৱনিৰ্মান হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাষতে থকা অস্থায়ী হেলিপেডত অৱতৰন কৰি পোনে পোনে বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত কীৰ্তনঘৰত প্ৰবেশ কৰে। কীৰ্তনঘৰ, মনিকূট আৰু নাটঘৰৰ গৃহ উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰবৰ্তী সময়ত কীৰ্তনঘৰৰ মনিকূটৰ আসন আৰু গুৰু আসনত গোসাঁইক পুনৰ প্ৰতিষ্ঠা কৰা মাংগলিক কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰে। শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ ভৰি চুই আশীষ ললে মুখ্যমন্ত্ৰীয়ে।সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি অহা মুখ্যমন্ত্ৰী গৰাকীক বৃহত্তৰ বটদ্ৰৱাৰ ভকত বৈষ্ণৱ আইমাতৄ সকলে জাপি বাটচৰাৰ সন্মুখৰ পৰা নাম কীৰ্তন কৰি আদৰি আনে। মুখ্যমন্ত্ৰীৰ লগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, ৰহাৰ শশীকান্ত দাস, বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে সংগ প্ৰদান কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বিগত মে’ মাহত বটদ্ৰৱা থানলৈ আহোতে পৰিচালনা সমিতিক জনাইছিল যে ব্যক্তিগত প্ৰচেষ্টাৰ মাজেৰে তেওঁ কীৰ্তন ঘৰৰ উন্নীতকৰণ কৰিব বিচাৰে। থানৰ উন্নয়ণৰ স্বাৰ্থত পৰিচালনা সমিতিয়ে তাক গ্ৰহন কৰাৰ পাছত  যোৱা বৰ্ষৰ ২১ জুলাইত পত্নী ৰিনিকি ভূঞা শৰ্মাক লগত লৈ ঐতিহাসিক বটদ্ৰৱা থানৰ মনিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ গৃহ উন্নয়ন, বৈদ্যুতিকৰণ, গুৰু আসনত হেঙুল হাইতালেৰে সজোৱা কামৰ শুভাৰম্ভণি কৰিছিল। এই কাম সম্পূৰ্ণ হোৱাৰ পাছত আজি মাঘৰ দুই তাাৰিখে গায়নৰ গীত বায়নৰ খোলৰ চাপৰ, ভকত বৈষ্ণৱৰ হৰিধ্বনি, আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজত গোসাঁই প্ৰতিষ্ঠা কৰা কাৰ্যসূচীত তেও অংশ গ্ৰহণ কৰে। শ শ ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ অন্তত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা থানৰ নাটঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শৰাই, ধৰ্মবস্ত্ৰ, কুহিলা কঠ আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনাই। বটদ্ৰৱা থানৰ নাটঘৰত মুখ্যমন্ত্ৰীয়ে ভকত বৈষ্ণৱক সম্বোধি কৰা ভাষণত পুনৰ বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৯ কোটি ৯৭ লাখ ৮৬ হাজাৰ ৬ শ ৮২ টকা ঘোষণা কৰে। উক্ত ধনৰাশিৰে বটদ্ৰৱা থানৰ জাাপি বাটচ’ৰাৰ পৰা প্ৰবেশদ্বাৰ, সত্ৰাধিকাৰ চৰা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়, সভাগৃহ, দামোদৰ আতা যাত্ৰী নিৱাস আদি কেইবাটাও উন্নয়নমূলক কামৰ ঘোষণা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা ঐতিহ্যমণ্ডিত শান্তিজানৰ পাৰত ১৯৭৪ চনত প্ৰতিষ্ঠা লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ গবেষণা প্ৰতিষ্ঠানত উপস্থিত হয়। শেষত গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক কোৱাইকটা সত্র পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here