Home Main Stories উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব...

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা : উত্তৰ-পূবৰ পথ আন্তঃগাঁথনিৰ বিকাশৰ বাবে অধিকতৰ বিনিয়োগত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ড’নাৰ মন্ত্ৰালয়ৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান

165
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সৌজন্যত আয়োজিত দুদিনীয়া এই সন্মিলনৰ প্ৰথম পূৰ্ণ অধিৱেশনত কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি তথা উত্তৰ-পূব উন্নয়ন দ৫১১ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দ৫১১ ৰাজ্যিক মন্ত্ৰী অজুৰ্নৰাম মেঘৱাল আৰু কেন্দ্ৰীয় পৰ্যটন তথা প্ৰতিৰক্ষা দ৫১১ ৰাজ্যিক মন্ত্ৰী অজয় ভাটো উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে সংস্কৃতি আৰু পৰ্যটন – এই দুই ক্ষেত্ৰ হৈছে বিশেষ গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়৷ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়েই পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়ৰো দায়িত্ব লাভ কৰাটো এইক্ষেত্ৰত অঞ্চলটোৰ বাবে এক সুবৰ্ণ সুযোগ বুলি অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সুদক্ষ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু পৰ্যটন উদ্যোগটোৱে বিকাশৰ এক নতুন উচ্ছতাত আৰোহণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই যাতায়াত-যোগাযোগৰ দিশৰ পৰা পাৰস্পৰিকভাৱে সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় যে যদিও আমাৰ প্ৰতিখন ৰাজ্যই সুকীয়া সুকীয়া সাংস্কৃতিক বৈভৱেৰে চহকী, তথাপি প্ৰায়বোৰ ক্ষেত্ৰতেই আমাৰ সাদৃশ্য আছে৷ তেওঁ কয় যে স্বাধীনতাৰ পিছত সুদীৰ্ঘ কাল ধৰি দেশৰ অন্যান্য অংশৰ তুলনাত অৱহেলিত হৈ থকা এই অঞ্চলটোৰ উন্নয়নে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতহে প্ৰথমবাৰৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় গঠনেৰে অঞ্চলটোলৈ ৯০ঃ১০ অনুপাতত পুঁজি আবণ্টনৰ ব্যৱস্থাৰ সূচনা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা এই প্ৰক্ৰিয়াটোক নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ ডিমা হাছাও জিলাৰ উমৰাংছুৰ দৰে স্থানৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ বহুবোৰ অতুলনীয় পৰ্যটনস্থলী আছে যদিও উপযুক্ত যাতায়াত-যোগাযোগ ব্যৱস্থাৰ অভাৱত সেইবোৰে পৰ্যাপ্ত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অঞ্চলটোৰ পৰ্যটন খণ্ডৰ বিকাশৰ বাবে সেয়ে এনে অঞ্চলসমূহক সামৰি পথ নেটৱৰ্কৰ বিকাশ সাধনৰ গত্যন্তৰ নাই বুুলি উল্লেখ কৰি উত্তৰ-পূবৰ পথ আন্তঃগাঁথনিৰ বিকাশৰ বাবে অধিক বিনিয়োগত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীৰ প্ৰতি আহ্বান জনায়৷ উত্তৰ-পূৰ্বাঞ্চলত থকা ঐতিহাসিক, ধম¹য় আৰু প্ৰাকৃতিক পৰ্যটনস্থলীসমূহলৈ অধিকসংখ্যক পৰ্যটকক আকৰ্ষণ কৰা তথা উপযুক্ত বিপণনৰ স্বাৰ্থত ‘ব্ৰেণ্ড নৰ্থ-ইষ্ট’ ধাৰণাৰ প্ৰসাৰৰ ওপৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৰুত্ব আৰোপ কৰে৷ অঞ্চলটোৰ কেউখন ৰাজ্যই একেলগে কাম কৰিলে পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত এই খণ্ডত আমি আকাংক্ষিত পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ম বুলি তেওঁ আশা প্ৰকাশ কৰে৷ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকল তথা বিভাগ দুটাৰ শীৰ্ষ বিষয়াসকলক দুদিনীয়া এই সন্মিলনলৈ আদৰণি জনাই অঞ্চলটোৰ বিকাশৰ স্বাৰ্থত এনে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ক ধন্যবাদ আৰু কৃত:তা :াপন কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ উপস্থিতিত আজিৰ অনুষ্ঠানত পৰ্যটন মন্ত্ৰালয় আৰু ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন [আই আৰ চি টি চি]ৰ মাজত দেশীয় পৰ্যটনৰ প্ৰসাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ কাইলৈ অন্ত পৰিবলগীয়া এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ, বিপণন, প্ৰসাৰ আৰু দক্ষতা উন্নয়ন, স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু উত্তৰ-পূব সপ্তাহ, পৰ্যটনৰ প্ৰসাৰৰ বাবে উত্তৰ-পূবৰ ম’বাইল আৰু ইণ্টাৰনেট সংযোগ উন্নীতকৰণ, দেশৰ বাকী অংশৰ লগত উত্তৰ-পূবৰ আকাশীপথ, স্থলপথ আৰু ৰে’লপথৰ সংযোগ বৃদ্ধি, স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ পৰ্যালোচনা, কৌশল বিকাশ আৰু মানৱ সম্পদ উন্নয়ন কাৰ্যসূচী, দুঃসাহসিক ক্ৰীড়াৰপৰিচালনা আৰু সুৰক্ষা বিষয়ক বাধ্যবাধকতা, উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ ডিজিটেল প্ৰসাৰ আৰু বিপণন আদি বিভিন্ন দিশ সামৰি লোৱা হ’ব৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সচিব অৰবিন্দ সিঙে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি তথা উত্তৰ-পূব উন্নয়ন দ৫১১ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দ৫১১ ৰাজ্যিক মন্ত্ৰী অজুৰ্নৰাম মেঘৱাল আৰু কেন্দ্ৰীয় পৰ্যটন তথা প্ৰতিৰক্ষা দ৫১১ ৰাজ্যিক মন্ত্ৰী অজয় ভাটেও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত পৰ্যটন মন্ত্ৰালয়ৰ সঞ্চালকপ্ৰধান গাি? কমলা বৰ্ধনা ৰাও, অতিৰিক্ত সঞ্চালকপ্ৰধান ৰূপিন্দৰ ব্ৰাৰৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল, মুখ্য সচিব জিষ্ণু বৰুৱা প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল আৰু উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here