Home Main Stories তিনিচুকীয়াত কোভিড পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

তিনিচুকীয়াত কোভিড পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

40
0

গণ বাৰ্তা, ডুম ডুমা, ১৫ মে : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি তিনিচুকীয়াত উপস্থিত হৈ সকলো লোকক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। তিনিচুকীয়া জিলাত আজি কোভিড পৰিস্থিতি বুজ লোৱাৰ বাবে উপস্থিত হয়হি। তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয় । মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগত এক পৰ্যালোচনা সভাতো মিলিত হয় । মুখ্য মন্ত্ৰী গৰাকীয়ে বিষয়া সকলৰ পৰা জিলাখনৰ কভিড পৰিস্থিতিৰ বুজ লয় । মুখ্য মন্ত্ৰী গৰাকীয়ে যোৱা ১০ দিনত তিনিচুকীয়াত কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্ৰেগ প্ৰকাশ কৰে আৰু প্ৰতিদিনে ৫০০ লোকৰ কভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে তিনিচুকীয়া চিভিল হস্পিটেলত বৰ্তমানে থকা ১৫ খন আই চি ইউ বেড ২০ খনলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে । এই চিকিৎসালয়খনত এটা অক্সিজেন জেনেৰেশ্বন ইউনিট স্থাপন কৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে জনাই । যি বিলাক চাহ বাগিচাত কৰ’ণা মহামাৰি বৃদ্ধি পাইছে তেনে চাহ বাগিচাত কণ্টেইনমেন জ’ন ঘোষণা কৰিবলৈ নিৰ্দেশ দিছে ।চাহ শ্ৰমিকসকলে যাতে অসুবিধা নেপাই তাৰ ব্যৱস্থা চৰকাৰে কৰিব । এই সম্পৰ্কে সোমবাৰে নিৰ্দেশনা জাৰি কৰিব বুলিও জনালে মুখ্য মন্ত্ৰী গৰাকীয়ে । তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পৰিস্থিতি অধিক অৱনতি নঘটিলে সম্পূৰ্ণ লক ডাউন ঘোষণা নকৰে । অৱশ্যে লক ডাউনৰ সম্পৰ্কে জিলা উপায়ুক্তই ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও জনালে । কিন্তু বৰ্তমান ২ বজাৰ পৰা বলবৎ থকা সান্ধ্য আইন ১২ বজালৈ আগুৱাই আনিবলৈ জিলা প্ৰশাসনক পৰামৰ্শ দিয়ে মুখ্য মন্ত্ৰীয়ে । মুখ্য মন্ত্ৰী গৰাকীৰ লগত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,শ্ৰম মন্ত্ৰী সঞ্জয় কিশান,বিধায়ক সকল ক্ৰমে সুৰেণ ফুকন,ভাস্কৰ শৰ্মা,বলীন চেতিয়া আৰু তৰংগ কল্লোল গগৈ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here