Home Main Stories সৰুসজাহ×ত ৩০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

সৰুসজাহ×ত ৩০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

36
0

▪️ শিশুসকলৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ১০০০ টা শিশু আহ×চিহ×উ স্থাপন কৰা হ’ব

▪️ বানপীড়িতসকলৰ বাবে অস্থায়ী আৱাসৰ সুবিধা স্থাপনৰ কথা বিবেচনা কৰিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ক আহ3ান মুখ্যমন্ত্ৰীৰ

দিছপুৰ, ১০ জুন : নতুন ৰাজ্য চৰকাৰখনৰ প্ৰথম মাহপূৰ্তিৰ লগত সংগতি ৰাখি অসমৰ ক’ভিড-১৯ ব্যৱস্থাপনাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাহ× আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাহ×ত নতুনকৈ নিৰ্মাণ কৰা এখন ৩০০খন বিছনাযুক্ত ক’ভিড কেয়াৰ হস্পিটেল জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰে। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সহযোগত ২১.৪৬ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা নতুন চিকিৎসালয়খনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰিবৰ্ধিত সেৱাৰ অংশ হিচাপে কাম কৰিব। উল্লেখ্য যে প্ৰকল্পটো ৰূপায়ণৰ বাবে অহ×ল হ×ণ্ডিয়া লিমিটেড আৰু আহ×চিআহ×চিআহ× বেংকেও ক্ৰমান্বয়ে ২ কোটি আৰু ১.৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াহ×ছিল। এহ× অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কালাপাহাৰ ক’ভিড কেয়াৰ হস্পিটেলত ২০খন বিছনাযুক্ত আহ×চিহ×উ আৰু৩২খন অক্সিজেনৰ সুবিধাযুক্ত বিছনাও উদ্বোধন কৰে। এই সা-সুবিধাসমূহো জিএমচিএহ×চৰ পৰিবৰ্ধিত সেৱাৰ এক অংশ হিচাপে পৰিগণিত হ’ব। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাহ× নতুন ক’ভিড কেয়াৰ হস্পিটেলৰ উদ্বোধনক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এক নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। মাথোঁ ২০ দিনৰ ভিতৰতে চিকিৎসালয়খন নিৰ্মাণ কৰি উলিওৱাৰ লগতে এহ× গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ উদাৰ অংশীদাৰ হোৱাৰ বাবে তেওঁ ডিআৰডিঅ’ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই পদক্ষেপক কেন্দ্ৰ-ৰাজ্যিক সহযোগিতা তথা¸ অসম চৰকাৰ আৰু ৰাজ্যবাসীৰ সামূহিক উদ্যমৰ এক উত্তম উদাহৰণ হিচাপে উল্লেখ কৰে। অস্থায়ীভাৱে নিৰ্মিত চিকিৎসালয়খনৰ ম্যাদ পাঁচ বছৰ হ’লেও সামান্য আন্তঃগাঁথনি সবলীকৰণৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়তো চিকিৎসালয়খন কাৰ্যক্ষম কৰি ৰাখিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে চিকিৎসালয়খনত ১০০খন আহ×চিহ×উ বিছনা উপলব্ধ থকাৰ লগতে আন ২০০খন বিছনাতো অক্সিজেনৰ সুবিধা উপলব্ধ কৰিব পৰা যাব। তদুপৰি ৰোগীসকলক অবিৰতভাৱে অক্সিজেন যোগান ধৰাৰ বাবে এক তৰলীকৃত অক্সিজেন টেংকো স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে মুখ্যমন্ত্ৰী শৰ্মাহ× লগতে কয় যে এতিয়াৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (এমএমচিএহ×চ) আৰু শিঙিমাৰী চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসা ক্ৰমান্বয়ে হ্ৰাস কৰা হ’ব আৰু ৰোগীসকলক জিএমচিএহ×চ আৰু সৰুসজাহ×ৰ ক’ভিড কেয়াৰ হস্পিটেলত চিকিৎসা প্ৰদান কৰা হ’ব। চৰকাৰ গঠনৰ সময়ৰ পৰা ক’ভিড-১৯ৰ সৈতে যুঁজিবলৈ স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু অধিক সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৩০ দিনত চিকিৎসা প্ৰতিষ্ঠানসমূহত ভেণ্টিলেচনৰ সুবিধাযুক্ত বিছনাসহ ৪৬৫খন আহ×চিহ×উ বিছনা আৰু ২,৬৮৪খন অক্সিজেনৰ সুবিধাযুক্ত বিছনা সংযোজিত কৰা হৈছে। অহা দহ দিনৰ ভিতৰত জিএমচিএহ×চত ২০০খন আহ×চিহ×উ বিছনা কাৰ্যক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে চৰকাৰে প্ৰতিখন জিলা চিকিৎসালয়ত কমেও ১৫খন আহ×চিহ×উ বিছনা স্থাপনৰ বাবে কাম কৰি আছে। প্ৰতিবছৰে ৰাজ্যখনৰ বৃহৎসংখ্যক লোকক প্ৰভাৱিত কৰা বানপানী আৰু খহনীয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অস্থায়ী আৱাসৰ সুবিধা স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে ডিআৰডিঅ’ক আহ3ান জনায়, যাতে বানপীড়িত লোকসকলে তাত আশ্ৰয় ল’ব পাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ১৮ বছৰৰ ওপৰৰ সকলো শ্ৰেণীৰ লোকক সামৰি টিকাকৰণৰ কাম ক্ষিপ্ৰতৰ কৰি তোলা হৈছে। তদুপৰি অহা ২১ জুনৰ পৰা অসমেও কেন্দ্ৰীয় চৰকাৰৰ পৰা বিনামূলীয়া ভেকচিন পাবলৈ আৰম্ভ কৰিব, যি ৰাজ্য চৰকাৰৰ বাবে এক ডাঙৰ সকাহ ৰূপে বিবেচিত হ’ব। তেওঁ লগতে জনায় যে জটিল চিকিৎসাৰ প্ৰয়োজন হোৱা শিশুসকলৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ১,০০০টা শিশু উপযোগী আই চি ইউ (পেডিয়া¿ট্ৰক হ×নটেনচিভ কেয়াৰ হ×উনিট) স্থাপন কৰা হ’ব। মহামাৰীৰ তৃতীয় ঢৌৰ বিষয়ে মানুহৰ মাজত আতংকৰ কোনো প্ৰয়োজন নাহ× বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যখনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ লগতে¸ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে আদৰণী ভাষণ আগবঢ়োৱা আজিৰ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু ডিআৰডিঅ’ৰ কাৰ্যবাহী সঞ্চালক ড০ হনুমন্ত ৰাৱেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মুখ্য সচিব জিষু্ণ বৰুৱা, স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ অভিযান সঞ্চালক ড০ লক্ষ্মণন এছ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, জিএমচিএহ×চৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here