
গুৱাহাটী, ১৩ জুলাই: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক ভিডিঅ’ কনফাৰেন্সযোগে নাবাৰ্ডৰ অধ্যক্ষ ড০ জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূৰ্যকুমাৰৰ সৈতে অসমৰ গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ সংক্ৰান্তীয় বিষয়সমূহৰ পৰ্যালোচনা কৰে। ৰাজ্যখনত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু নাবাৰ্ডৰ মাজত সহযোগিতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। আলোচনাৰ সময়ত নাবাৰ্ডৰ বিষয়াদ্বয়ে অসমত বিকাশৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব অধিক গাঢ় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। তেওঁলোকে মুখ্যমন্ত্ৰীক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ), নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন পুঁজি (এন আই ডি এ) আৰু গ্ৰাম্য আন্তঃগাঁথনি সহায়ক আঁচনি (আৰ আই এ এছ)ৰ অধীনত পুঁজি যোগান ধৰা পদ্ধতিৰ বিষয়েও অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে নাবাৰ্ডৰ সৈতে ৰাজ্য চৰকাৰৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, যি ৰাজ্যখনৰ আন্তঃগাঁথনি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে চৰকাৰে ব্যাপক পৰিসৰত আন্তঃগাঁথনি প্ৰকল্পসমূহ নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু এই ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতাৰ প্ৰয়োজন আছে। আজিৰ এই ভিডিঅ’ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্হা, নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক বাইজু কুৰূপ, মহাপ্ৰবন্ধক প্ৰবীণ ৰাজ উড়ুপা, উপ-মহাপ্ৰবন্ধক ভাস্কৰ মহন্ত আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।