Home অসম বৰাক উপত্যকাৰ মিনি সচিবালয় চৌহদৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

বৰাক উপত্যকাৰ মিনি সচিবালয় চৌহদৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

79
0

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ শ্ৰীকোণাত উপস্থিত হৈ বৰাক উপত্যকাৰ মিনি সচিবালয় চৌহদৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতিৰ লগতে আনুষংগিক বিভিন্ন দিশৰ বুজ লয় ।ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে মিনি সচিবালয়ৰ বাবে ইতিমধ্যে ১১৬ কোটি টকা আবণ্টন দিছে আৰু ৩ বছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। তেওঁ কয় যে মিনি সচিবালয়ে বৰাক উপত্যকাৰ প্ৰশাসনিক কাৰ্যকলাপত যথেষ্ট সহায় কৰিব আৰু সৰু-সুৰা চৰকাৰী কাম-কাজৰ বাবে উপত্যকাটোৰ জনসাধাৰণৰ গুৱাহাটীলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব। এই সচিবালয় নিৰ্মাণ হৈ উঠিলে উপত্যকাটোৰ চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ সম্ভৱ হৈ উঠিব আৰু ৰাইজেও তেওঁলোকৰ কামবোৰ পলম নকৰাকৈ সম্পন্ন কৰাৰ সুযোগ লাভ কৰিব। আজিৰ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে পৰিৱেশ আৰু বন, আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ড০ ৰাজদীপ ৰয়, পল্লৱ লোচন দাস, বিধায়ক দ্বিপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম আৰু কৌশিক ৰায়ো উপস্থিত আছিল। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে শিলচৰ-আইজল সংযোগী ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিলচৰ-কৰিমগঞ্জ সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি নিৰ্মাণকাৰ্য চলি থকা শিলচৰ বাইপাছ পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোকনিৰ্মাণ (পথ) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পথটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে উপত্যকাটোত যান-বাহনৰ চলাচল সুগম কৰি তোলাৰ স্বাৰ্থত বাইপাছটোৰ নিৰ্মাণৰ কাম সোনকালে সম্পূৰ্ণ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। আনহাতে, আজি পুৱা শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে চহৰখনৰ ৰংপুৰ জিৰো পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণসূচী আৰম্ভ কৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সময়ত মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰতিপ্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে মহান নেতাজনৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here