Home অসম অনিমেষ ভূঞাৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ : ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক...

অনিমেষ ভূঞাৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ : ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তি প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

67
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ নৱেম্বৰ
: যোৰহাটত কালি দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে৷ আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য৷ এনেধৰণৰ অমানৱীয় ঘটনা ৰাজ্য চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই ঘটনাত জড়িত দোষীসকলৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ চলাই শাস্তি প্ৰদানৰ পদক্ষেপ ল’বলৈ প্ৰশাসনক নিৰ্দেশ দিছে৷ আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি অসমবাসীৰ হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে এমাহৰ ভিতৰতে দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিলৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াব্যক্তিগতভাৱে তদাৰক কৰাৰো নিৰ্দেশ দিছে৷ এই ঘটনাত নিহত হোৱা অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে প্ত লাখ টকাৰ এখন চেক প্ৰদানৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here