Home অসম নিৰ্বাচনত বিৰোধীক জয়ী কৰিলে অঞ্চলৰ উন্নয়ন নহ’ব : গোসাঁইগাঁৱত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী...

নিৰ্বাচনত বিৰোধীক জয়ী কৰিলে অঞ্চলৰ উন্নয়ন নহ’ব : গোসাঁইগাঁৱত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত

135
0

গণ বাৰ্তা, গোসাঁইগাঁও, ২৩ অক্টোবৰ ঃ দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি, ইউপিপিএল আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকাল পাঁচ বছৰ আছে। ইয়াত যদিহে ইউপিপিএলৰ প্ৰাৰ্থী জিৰেণ বসুমাতাৰীক জিকাই দিয়া হয় তেন্তে তিনিও ফালৰ পৰাই উন্নয়নৰ টকা আহিব। বিটিআৰৰ পিছপৰা গোসাঁইগাঁও সমষ্টিত পূৰ্বতে দিয়া অৰুণোদয় আঁচনিৰ সোতৰ হাজাৰ হিতাধিকাৰীৰ ঠাইত আৰু উপৰঞ্চি দহ হাজাৰলৈ বৃদ্ধি কৰিব চৰকাৰে। প্ৰতিগৰাকী বৃদ্ধক আৰু বিধৱাক পেঞ্চন প্ৰদান, প্ৰধানমন্ত্ৰীৰ পাঁচ কেজি বিনামূলীয়া চাউল এতিয়া দহ কেজিলৈ বৃদ্ধি, নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ’ ফাইনেঞ্চৰ আঠ হাজাৰ কোটি টকাৰ ঋণ চেকযোগে মুকলি কৰাৰ প্ৰতিশ্ৰুতি, প্ৰতিবছৰে এক লাখ নিবনুৱাক এপইচাও উৎকোচ নোলোৱাকৈ চৰকাৰী চাকৰি দিয়াৰ কাম সম্পূৰ্ণ কৰিবলৈ ওলাইছে চৰকাৰে। একেদৰে মহকুমাৰ সীমান্তৰ সংকোষ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ, কাশিয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ক আগন্তুক বৰ্ষত উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নত, স্বাস্থ্য সেৱাৰ উন্নতি কৰিবলৈ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয় স্থাপন, খোৱাপানীৰ সমস্যা সমাধান কৰিবলৈ জলজীৱন আঁচনিৰ যোগেদি প্ৰতিটো পৰিয়ালক পানী যোগান, প্ৰতিখন গাঁৱত উন্নত মানৰ ট্ৰেন্সফৰ্মাৰৰ ব্যৱস্থা, প্ৰতিটো গৃহত বিদ্যুৎ সংযোগৰ ব্যৱস্থা গ্ৰহণ, কাশিয়াবাৰীত এখন খণ্ড উন্নয়ন কাৰ্যলয় স্থাপন কৰিব চৰকাৰে। এনেকুৱা আৰু বহু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আজি মহকুমাৰ কাশিয়াবাৰীত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমাতাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনাপইচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন, বাট-পথৰ উন্নয়ন, দুখীয়া-দৰিদ্ৰ লোকে কাম কৰাৰ সুবিধা পাব লাগিলে, মানুহে ভয়-শংকামুক্ত হৈ কাম কৰাৰ পৰিৱেশ লাগিব।

সকলো ফালে শান্তিৰ পৰিৱেশ বিৰাজমান হ’ব লাগিব। তেতিয়াহে এলেকাত উন্নয়ন আহিব। এটা সময়ত এই অঞ্চলত থকা অস্ত্ৰৰ ঝন্‌ঝননিৰ বাবে উন্নয়নত পিছপৰি গৈছিল। এতিয়া এন ডি এফ বিয়ে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছতে শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ইউপিপিএলে লোৱা পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে গাখীৰ দিয়া গৰুৰ সৈতে থাকিবলৈ ৰাইজক আহ্বান জনায়। তেখেতে কয়, এতিয়া ইউপিপিএলৰ পৰাহে মানুহে বিনা পইচাত গাখীৰ পাব। কেইবাসহস্ৰাধিক লোকে উপস্থিত থকা নিৰ্বাচনী সভাত কংগ্ৰেছ, এআইইউডিএফ আৰু বিপিএফ গাখীৰ নিদিয়া গৰু বুলি কটাক্ষ কৰি কয়, নিৰ্বাচনত বিৰোধীক জয়ী কৰালে এলেকাৰ কোনো উন্নয়ন নহ’ব। ইউপিপিএলৰ নেতা ৰাজু নাৰ্জাৰীয়ে আঁতধৰা নিৰ্বাচনী সভাত উদ্বোধনী ভাষণ দিয়ে বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োই। উদ্বোধনী ভাষণত বড়োই কয় — হত্যা, অপহৰণ, ধনদাবী আদিৰে এসময়ৰ অশান্তজৰ্জৰ এলেকা হিচাপে পৰিচয় থকা মহকুমাৰ লগতে গোটেই বিটিআৰ এলেকাত প্ৰগতিশীল চৰকাৰৰ প্ৰচেষ্টাত শান্তি স্থাপন হৈছে। এটা সময়ত গোষ্ঠী সংঘৰ্ষ, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভেদভাব বিৰাজ কৰিছিল। ইয়াত কৰিবলগীয়া বহুত কাম আছে। ৰাইজৰ কোনো নিৰাপত্তা নাছিল। হত্যা, হিংসা, অপহৰণ আদিত ৰাইজৰ নিদ্ৰা হৰণ কৰিছিল। এতিয়াৰ পৰিৱৰ্তনকামী চৰকাৰে উন্নয়ন বিচাৰিছে।

এইখন চৰকাৰে দুৰ্নীতি, শোষণমুক্ত কৰি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, মৰ্যাদাসহকাৰে জীয়াই থকাৰ অধিকাৰ, ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোনক বাস্তৱায়িত কৰিবলৈ হ’লে প্ৰতিনিধি নিৰ্বাচন কৰি চৰকাৰক সহায়-সহযোগ কৰিব লাগিব। উদ্বোধনী ভাষণত আৰু কয়, য’ত শান্তি চিৰস্থায়ী, তাতেই প্ৰগতি। কোকৰাঝাৰ জিলাৰ ২৮নং গোসাঁইগাঁও সমষ্টিৰ কাশিয়াবাৰীত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মিত্ৰজোঁটৰ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত ভাষণ আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰি ভাষণ দিয়ে। মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী জনসভাত কোকৰাঝাৰ অভিভাৱক মন্ত্ৰী অংশোক সিংঘাল, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন, ভৈয়াম আৰু জনজাতি, হস্ততাঁত বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’, ৰেওৰেওৱা নাৰ্জিহাৰী, দিগন্ত বৰুৱা, শ্ৰীৰামপুৰৰ পাৰিষদ সজল কুমাৰ সিংহ প্ৰমুখ্যে আন বহু দলীয় নেতাসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here