Home Main Stories উত্তৰপূর্ব কয়লা ক্ষেত্ৰ পুনৰ মুকলি আৰু মাৰ্ঘেৰিটাৰ সাময়িক উন্নয়নৰ হেতু মাৰ্ঘেৰিটাত উপস্থিত...

উত্তৰপূর্ব কয়লা ক্ষেত্ৰ পুনৰ মুকলি আৰু মাৰ্ঘেৰিটাৰ সাময়িক উন্নয়নৰ হেতু মাৰ্ঘেৰিটাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

276
0

লেখাপানীৰ পৰা শৰৎ গগৈ, ১৯ জুন : উত্তৰপূর্ব কয়লা ক্ষেত্ৰ পুনৰ সজীৱ আৰু মাৰ্ঘেৰিটাৰ সাময়িক উন্নয়নৰ হেতু মুখ্যমন্ত্ৰী আসনত অধিস্থিত হৈ পুন প্ৰথমবাৰৰ বাবে আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
মাৰ্ঘেৰিটাৰ অৱৰ্ত ভৱনত উপস্থিত হোৱা লগে লগে মাৰ্ঘেৰিটাৰ সমষ্টিৰ সমূহ জনসাধাৰণ , স্থানীয় দল সংগঠন, বিজেপিৰ কৰ্মকর্তা সকলে বিপুল উষ্ম আদৰণি জনাই । কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ,কাৰণ প্ৰাক নিৰ্বাচনী প্ৰচাৰ সভালৈ আহি হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা বাসীক কথা দিছিল যে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিলে দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ সজীৱ কৰি তুলিব । সেই অনুসৰী আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত উপস্থিত হৈ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ উচ্চস্তৰীয় বিষয়ববীয়া সৈতে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ মুকলি কৰি তোলাৰ ক্ষেত্ৰত এক গুৰুতৰপূৰ্ণ আলোচনাত মিলিত হয় । উত্তৰপূর্ব কয়লা উদ্যোগটো পুনৰ মুকলি কৰাৰ বাবে স্থানীয় ৰাইজ আৰু দল সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ পোনপটীয়াকৈ দাখিল কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হোৱাৰ উপৰিও উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধকসহ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ বহু কেইজন উচ্চস্তৰীয় বিষয়ববীয়া, বিদ্যুৎ বিভাগ, বন বিভাগ, উদ্যোগ বিভাগৰ বিষয়ববীয়া সকল লগত আংশিক আলোচনাত মিলিত হয় । এই আলোচনাৰ পিছতে মূখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেলৰ যোগেদি সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে অতি কম সময়ৰ ভিতৰতে অসমৰ বন বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়া, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, কয়লা মন্ত্ৰলায়ৰ সৈতে অসম চৰকাৰৰ তিনি তৰপিয়া এটা দলে দিল্লীত গৈ উত্তৰ-পূৱ কয়লা ক্ষেত্ৰক পুনৰ সজীৱ কৰি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লোৱা হব বুলি মাৰ্ঘেৰিটা ৰাইজক আস্থা প্ৰদান কৰে ।উল্লেখ্য যে বিগত বহু সময়ত উত্তৰপূর্ব কয়লা ক্ষেত্ৰ পুনৰ মুকলি হলে ব্যক্তিগত খণ্ডক অসম চৰকাৰে গতাই দিয়া হব বুলি সৰ্বতে চৰ্চা লাভ কৰা বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী মন্ত্ৰীক সাংবাদিক সকলে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মন্ত্ৰী গৰাকীয়ে কয় যে এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডক উত্তৰপূর্ব কয়লা উদ্যোগটো গতাই দিয়া কথা এই মুহূৰ্ত্বত কোনো প্ৰশ্ন উত্থাপন কৰা কথা নাহে, মুঠতে পুনৰ সজীৱ কৰাৰ কথাহে চিন্তা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । যদি উত্তৰপূর্ব কয়লা উদ্যোগটো পুনৰ সজীৱ হৈ উঠে তেন্তে উদ্যোগটোৰ লগত জড়িত হৈ থকা হাজাৰ হাজাৰ কৰ্মচাৰী আৰু অসমৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ ভৱিষ্যত উজ্বল হোৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিব । মূখ্যমন্ত্ৰী গৰাকীৰ এই ঘোঘণাৰ পিছতে মাৰ্ঘেৰিটাৰ সৰ্বস্তৰৰ ৰাইজ উৎফুল্লিত হৈ পৰা দেখা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here