Home Main Stories নিজৰ পঞ্চায়তত কাম নাথাকিলে অইন পঞ্চায়তত কাম কৰিব পাৰিব জব কাৰ্ডৰ শ্ৰমিকে...

নিজৰ পঞ্চায়তত কাম নাথাকিলে অইন পঞ্চায়তত কাম কৰিব পাৰিব জব কাৰ্ডৰ শ্ৰমিকে : সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

72
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুলাই ঃ জবকাৰ্ড শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা নিজৰ পঞ্চায়তত যদি কাম নাথাকে, তেন্তে অইন পঞ্চায়তৰ অধীনতো জবকাৰ্ড শ্ৰমিকে কাম কৰাৰ সুবিধা লাভ কৰিব। জবকাৰ্ড শ্ৰমিকক ১০০ দিনৰ কাম দিয়াৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰি কয় যে কোনোবাই যদি এশ দিনৰ কাম কৰিব বিচাৰে, সেইটোত ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দায়বদ্ধ। জবকাৰ্ডৰ শ্ৰমিকসকলক এশ দিনৰ কাম দিয়াৰ বাবে জবকাৰ্ড শ্ৰমিকসকলক সংগঠিত কৰি খণ্ড উন্নয়ন বিষয়াৰ সৈতে আলোচনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদৰে প্ৰতিটো সমষ্টিৰ বিধায়কসকলক জবকাৰ্ড শ্ৰমিকসকলক সংগঠিত কৰিবলৈ আহবান জনায়। উল্লেখ্য যে আজি সদনৰ প্ৰশ্নোত্তৰ কালত বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক এক্ৰিডেটেড অভিযন্তাৰ পদসমূহ নিয়মীয়াকৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। একেদৰে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে জবকাৰ্ডক লৈ এটা নেক্সাছ গঢ়ি উঠিছে বুলি অভিযোগ কৰে আৰু সদনত তদন্তৰ দাবী উত্থাপন কৰে। বিধায়কৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে চৰকাৰে জবকাৰ্ড শ্ৰমিকসকলক এশ দিনৰ নিশ্চিত কাম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here