Home Main Stories মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশ্যনৰ ; বাঙালী...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশ্যনৰ ; বাঙালী হিন্দুৰ জলন্ত সমস্যা সন্দৰ্ভত আলোচনা

88
0

ডিটেনচন কেম্পত আবদ্ধ প্ৰকৃত ভাৰতীয় নাগৰিকক বিনাচৰ্তে মুক্তিৰ দাবী

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২২ জুলাই :

ৰাজ্যত নতুন বিজেপি চৰকাৰ গঠনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱ সাক্ষাৎ কৰি জাতীয় সমস্যা সন্দৰ্ভত এক স্মাৰক প্ৰদান কৰে বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশ্যনে । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মন্টু দে , কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপান সৰকাৰ , চিৰাং জিলা সভাপতি শুভ মজুমদাৰকে ধৰি বিটিআৰৰ চাৰিখন জিলাৰ পৰা মুঠ ৭ জনীয়া প্ৰতিনিধি দল এটাই যোৱা নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এক সভাত মিলিত হয় । উক্ত সভাত ফেডাৰেচনৰ প্ৰতিনিধি দলটোৱে বাঙালী হিন্দু লোকে সন্মুখীন হৈ অহা জাতীয় সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰাৰ লগতে বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে । বিটিআৰ ফেডাৰেচনৰ সভাপতি সম্পাদক স্বাক্ষৰিত মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা উক্ত স্মাৰক পত্ৰটোত উল্লেখ থকা মতে , ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে বিগত প্ৰায় ৫ বছৰ ধৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলাৰ অন্ততঃ দুটা পৰ্যায়ত চুড়ান্ত খচৰা তালিকা প্ৰকাশ কৰা হয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে তাত বহুসংখ্যক ভাৰতীয় হিন্দু বাঙালী লোকৰ নাম চুড়ান্ত খচৰা তালিকাৰ পৰা বদ পৰে ।বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এক ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ জৰিয়তেঝানিব পৰা মতে , দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ সময়ত বহু আহোৱাহ থাকি যায় । যাৰ ফলত উপযুক্ত নথি থকা স্বত্বেও তেনে মানুহৰ নাম চুড়ান্ত খচৰা তালিকাত অন্তৰ্ভুক্ত নহল । তদুপৰি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ সময়ত মানুহখিনিৰ বায়মেট্ৰিক্স সংগ্ৰহ কৰি সংৰক্ষণ কৰা হয় । প্ৰক্ৰিয়া মতে উপযুক্ত নথি পত্ৰ থকা স্বত্বেও চুড়ান্ত খচৰা তালিকাৰ পৰা এই মানুহখিনিয়ে বিদেশী ন্যায়াধিকৰণত নিজৰ নাগৰিকত্ব প্ৰমান কৰাৰ কথা আছিল আৰু সেইমৰ্মে চৰকাৰে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আছিল । কিন্তু আজি প্ৰায় ৩ বছৰ অতিক্ৰম কৰাৰ পিছতো এই প্ৰক্ৰিয়া আৰম্ভ নহ’ল । অন্যহাতে , এই লোকসকলৰ বায়মেট্ৰিক্স সংগ্ৰহ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে । ফলত চুড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিকসকলেও নিজৰ আধাৰ কাৰ্ড বনাব পৰা নাই । কিয়নো বায়মেট্ৰিক্স সংগ্ৰহ কৰা এনে লোকৰ আধাৰ কাৰ্ড চৰকাৰে নিষিদ্ধ কৰিছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাকী থকা কাম সম্পূৰ্ণ নোহোৱাৰ বাবে এই সকল নাগৰিকে নিজৰ পাচপৰ্টকে ধৰি বিভিন্ন নথি বনাব পৰা নাই । কিয়নো ভেৰিফিকেচনৰ সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰমান বিচাৰে । ইপিনে , সুলভ মূল্যৰ হিতাধিকাৰী কাৰ্ডখনৰ লগত আধাৰ লিংক কৰাৰ নিৰ্দেশনাৰ পাছত এই দৰিদ্ৰ মানুহখিনিৰ কাৰ্ডখন নাকচ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । লগতে বেংক , পান কাৰ্ড আদিৰ লগত আধাৰ সংযোগ কৰা কিম্বা ল’ৰা ছোৱালীৰ বিদ্যালয়ত নামভৰ্তি বা ম্যাদি পট্টা মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত হোৱা সমস্যাকে ধৰি এনে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান বিচাৰি পোৱা নাই এই বঞ্চিত ভাৰতীয় নাগৰিকসকলে । তদুপৰি সকলো নথি প্ৰমাণ থকা স্বত্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা তালিকাত নাম অন্তৰ্ভুক্তণোহোৱা এই সকল ভাৰতীয় নাগৰিকে এক প্ৰকাৰ হীনমন্যতাত ভুগি আছে । লগতে নিজক সামাজিকভাৱে অসুৰক্ষিত কৰি আছে আৰু এক অনিশ্চয়তাৰ মাজেৰে দিন অতিবাহিত কৰি আছে । প্ৰকৃত ভাৰতীয় হিচাপে উপযুক্ত নথি পত্ৰ থকাৰ পিছতো বহুসংখ্যক ভাৰতীয় নাগৰিকে এতিয়ালৈকে ডিটেনচন কেম্পত অসহনীয় কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আছে । সেই সমুহ দৰিদ্ৰ পৰিয়াল একপ্ৰকাৰ এন্ধাৰৰ দিশত গতি কৰি আছে । সেয়েহে উক্ত প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ লগতে বৰ্হিভুত হোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনায় । বাঙালী হিন্দু লোকে সন্মুখীন হৈ অহা এই জলন্ত সমস্যা সমুহ সন্দৰ্ভত অনতিপলমে চৰকাৰক উপযুক্ত নিৰ্দেশনা প্ৰদানৰো দাবী উত্থাপন কৰে । ইয়াৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত বিটি আৰস্থিত বডোলেণ্ড বিশ্ব বিদ্যালয়ক কেন্দ্ৰ কৰি সকলো বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত বিষয় হিচাপে বেংগলী অন্তৰ্ভুক্তিকৰণ আৰু মাধ্যম হিচাপে অধীষ্ঠিত বিদ্যালয় সমুহৰ মানদণ্ড উন্নীতকৰণ হোৱাটো ভাষা আৰু সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত জৰুৰী হৈ পৰিছে । জাতি , ধৰ্ম , বৰ্ণ , ভাষা নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীৰ সুদীৰ্ঘ ভবিষ্যতৰ কথা চিন্তা কৰি প্ৰতি বছৰে বাৰ্ষিকভাবে জিলাভিত্তিক গ্ৰন্হমেলাৰ লগতে কেৰিয়াৰ পৰামৰ্শৰ বাবে সু ব্যৱস্থা গঢ়ি তোলাৰ বাবেও আহ্বান জনায় । লগতে বাঙালী হিন্দু লোকক প্ৰতিনিধিত্ব কৰা নামনি অসমৰ এজন জনপ্ৰতিনিধিক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিবলৈও দাবী উত্থাপন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here