Home অসম অসমত নহয় লকডাউন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অসমত নহয় লকডাউন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

141
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ জানুৱাৰী:
পৰিস্থিতি কিছু স্বাভাৱিক হৈছিলহে মাত্ৰ৷ পুনৰ যেন কাল কোৰোনাই গ্ৰাস কৰিব বিচাৰিছে সমগ্ৰ দেশখন৷ দৈনিক বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা৷ নতুন দিল্লীত ইতিমধ্যে কোৰোনাত আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেজৰিৱাল চৰকাৰে উইকেণ্ড কাৰ্ফিউ দিয়াৰ লগতে শিক্ষানুষ্ঠানতসমূহ বন্ধ ঘোষণা কৰিছে৷ দেশৰ সমান্তৰালকৈ অসমতো অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা আক্ৰান্তৰ সংখ্যা৷ অসমৰ কে’বাখনো শিক্ষানুষ্ঠানত ইতিমধ্যে বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে৷ আইআইটি গুৱাহাটীত বহিঃৰাজ্যৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে কোৰোনাত৷ অসমত শেহতীয়াকৈ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ আজি দুলীয়াজানত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশত আক্ৰমণৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ বৰ্তমান ৰাজ্যত ১০০ জনলৈ বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা৷ সম্প্ৰতি অসমত কোৰোনা সংক্ৰমণৰ সংখ্যা ৪৫০গৰাকী৷ নতুন এছঅ’পি ৰূপায়ণক লৈ ৬ জানুৱাৰীত গুৱাহাটীত আলোচনাত বহিব চৰকাৰে৷ অসমত লকডাউন নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লকডাউন নহ’লেও নতুন এছঅ’পি প্ৰস্তুত কৰা হ’ব৷ কভি’ড প্ৰতিৰোধৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ আলোচনাৰ জৰিয়তে লকডাউন নিদিয়াকৈ আগবাঢ়িব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here