Home অসম আলফা উঃ-পূঃৰ সমস্যা নহয়, ই মাত্ৰ দুজন মানুহৰ মাজত ভুল বুজাবুজি :...

আলফা উঃ-পূঃৰ সমস্যা নহয়, ই মাত্ৰ দুজন মানুহৰ মাজত ভুল বুজাবুজি : আলফাৰে আলোচনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

103
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ জুলাই ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰি অসমখনক উন্নয়ন আৰু প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ বাবে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তিৰ বাবে আলোচনাৰ মেজত বহিবলৈ আহ্বান জনাইছিল। আনকি ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত এই শান্তি প্ৰক্ৰিয়া আগুৱাই থকা বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  কন্তু ইয়াৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি তাৎপৰ্যপূৰ্ণভাৱে আলফা সমস্যা কোনো সমস্যাই নহয় বুলি মন্তব্য কৰে। ই মাত্ৰ দুজন মানুহৰ মাজৰ ভুল বুজাবুজিহে বুলি উল্লেখ কৰি ইয়াক আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰি বুলি উল্লেখ কৰে। প্ৰণিধানযোগ্য যে শনিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদ মেলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে আলফাটো সমস্যা হয় নে নহয়, সেইটো চিন্তা কৰিব লাগিব। সেইটো অসমৰ সমস্যাৰ ভিতৰত পৰে নে নপৰে সেয়া চাব লাগিব।

মইতো ভাবোঁ যে আমাৰ দুয়োজন মানুহে কথা পাতি সমাধান কৰা এইটো এটা ভুল বুজাবুজি। সমস্যাৰ ভিতৰত বানপানী পৰিব, সীমা-সমস্যা পৰিব। নিজে নিজৰ ভিতৰত কাজিয়া কৰি থকাটো আৰু আমি আমাৰ সমস্যা বুলি ক’ব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে এইটো এটা ভুল বুজাবুজি। পৰেশ বৰুৱাৰ অসমক লৈ এটা নিজৰ দৃষ্টিভংগী আছে, আমাৰ এটা দৃষ্টিভংগী আছে। আলোচনাৰ কৰিয়েই ঘৰৰ সমস্যা ঘৰত শেষ কৰিম। ই কোনো উত্তৰ-পূবৰ সমস্যা নহয়। উত্তৰ-পূবৰ সমস্যা মানে অসম-মেঘালয়ৰ সমস্যা, অসম-অৰুণাচলৰ সমস্যা, বানপানীৰ সমস্যা, বৈদ্যুতিকীকৰণৰ সমস্যা, যোগাযোগৰ সমস্যা, ইণ্টাৰনেটৰ সমস্যা আদি। আলফা সমস্যাটো অসমৰ সমস্যা। নগা সমস্যাতো নাগালেণ্ডৰ সমস্যা। এইটো উত্তৰ-পূবৰ সমূহীয়া সমস্যাৰ ভিতৰত নপৰে। গতিকে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৪ চনৰ ভিতৰত উত্তৰ-পূবৰ যি সমস্যা সমাধানৰ কথা কৈছে, তাত এইটো সমস্যা নপৰে। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য এতিয়া আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কেনেদৰে গ্ৰহণ কৰে বা ইয়াৰ প্ৰতিক্ৰিয়া কিদৰে দিয়ে সেয়া নিঃসন্দেহে লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here