Home Main Stories VIDEO | নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি নিৰ্ধাৰিত সময়ত পূৰণৰ ব্যৱস্থা লোৱা হ’ব...

VIDEO | নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি নিৰ্ধাৰিত সময়ত পূৰণৰ ব্যৱস্থা লোৱা হ’ব : শপত গ্ৰহণ কৰি প্ৰথমখন সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

51
0

সীমামূৰীয়া জিলাত বিশ শতাংশ এনআৰচিৰ পুনৰীক্ষণৰ পোষকতা; পৰেশ বৰুৱাক শান্তিৰ মাজলৈ আহাৰ আহবান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ :   ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শপত গ্ৰহণ কৰি প্ৰথমখন সংবাদমেলত নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ নিৰ্ধাৰিত সময়তেই পূৰণ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে। সংবাদমেলত তেওঁ কয় – কাইলৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। সেই বৈঠকতেই ক’ভিড পৰিস্থিতি আৰু ইয়াক মোকাবিলা কৰিবলৈ আমি যি প্ৰত্যাহবান গ্ৰহণ কৰিব লাগিব তাক লৈয়ে আলোচনা-বিলোচনা হ’ব। নিৰ্বাচনৰ সময়ছোৱাত ৰাইজৰ ওচৰলৈ আমি যিসমূহ প্ৰতিশ্ৰুতি লৈ গৈছিলো, সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৰুণোদয় আঁচনিৰ নতুন মাত্ৰা, বছৰত ১ লাখ চাকৰি, মাইক্ৰ’ফাইনেন্স ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণ মাফৰ প্ৰতিশ্ৰুতি আমি আৰু আমাৰ দুই মিত্ৰদলে ৰাইজৰ ওচৰত নিৰ্বাচনৰ সময়ত লৈ গৈছিল। এতিয়া নিৰ্ধাৰিত সময়ত এই প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ যাৱতীয় ব্যৱস্থা লোৱা হ’ব। আমি সময়ে সময়ে লৈ থকা সিদ্ধান্তসমূহ ৰাইজক অৱগত কৰি থকা হ’ব। নিৰ্বাচনৰ সময়ত বানমুক্ত অসমৰো সপোন ৰাইজৰ ওচৰত দাঙি ধৰা হৈছিল। এই দিশসমূহ কাইলৈৰ পৰা আলোচনা কৰি নিৰ্দ্ধাৰিত সময়সীমা সন্মুখত ৰাখি আমাৰ কামত আগবাঢ়ি যাম। ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবেও সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যোৱা ৫ বছৰে অসমৰ ৰাইজে শান্তি, প্ৰগতি, বিকাশৰ এটা নতুন ধাৰা দেখিছিল। বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছিল। কাৰ্বি পাহাৰত শান্তি প্ৰতিষ্ঠা হৈছিল। আজিৰ এই মুহূৰ্তত আমাৰ নতুন মন্ত্ৰীসকলৰ হৈ ক’ব বিচাৰিছো যে বাকী ৰৈ যোৱা আন সশস্ত্ৰ সংগঠনসমূহ শান্তি আলোচনাৰ মাজলৈ উভতি আহিব লাগে। শান্তি আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবলৈ মই তেখেতসকলক আগবাঢ়ি আহিবলৈ আহবান জনাম। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ নেতা-সংগঠনৰ নেতৃত্ব লোৱা পৰেশ বৰুৱাকো অনুৰোধ কৰিম। সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিত্যাগ কৰি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি ওভতাই আনিবলৈ সকলোৱে মিলি আলোচনাৰ মাজেৰে সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিব। হত্যা, অপহৰণৰ ঘটনাই সমস্যা জটিল কৰে; সমস্যা সমাধান নকৰে। মই বিশ্বাস কৰিম অনাগত পাঁচ বছৰত শান্তি প্ৰতিষ্ঠাৰ মাজেৰে আমি সকলোকে জাতীয় জীৱনৰ মূল সুঁতিলৈ ওভতাই আনিবলৈ সক্ষম হ’ম। এনআৰচি আৰু জনজাতিকৰণ প্ৰসংগত তেওঁ কয় যে এনআৰচি সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট যে সীমান্ত অঞ্চলত ২০ শতাংশ পুনৰীক্ষণ কৰাৰ পোষকতা কৰো আৰু সীমান্তৰ বাহিৰে আন জিলাসমূহত দহ শতাংশ পুনৰীক্ষণৰ পোষকতা কৰো। পুনৰীক্ষণত যদি ব্যাপক খেলি-মেলি দেখা পোৱা যায় তেন্তে আমি বিচাৰিম উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ ওপৰত নতুন দৃষ্টি নিক্ষেপ কৰক। যদি নথিত কোনোধৰণৰ বেমেজালি দেখা নাযায়, অৰ্থাৎ পুৰণা এনআৰচিৰ নথিয়ে শুদ্ধ হয়, তেন্তে আমাৰ চৰকাৰে এই এনআৰচি গ্ৰহণ কৰি পৰৱৰ্তী ব্যৱস্থাৰ বাবে আগবাঢ়িম। আনহাতে জনজাতি সন্দৰ্ভত তেওঁ কয় যে বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব নকৰাকৈ বিষয়টো আগুৱাই লৈ যোৱা হ’ব। আলাপ-আলোচনাৰ মাজেৰে জনজাতিকৰণৰ কাম আগবঢ়াই নিয়া হ’ব। তেওঁ কয় যে আমাৰ চৰকাৰৰ প্ৰথম কাৰ্য হ’ব ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰা, নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা। কেবিনেট বৈঠকৰ ২৪ ঘণ্টাৰ পৰাই কাম আৰম্ভ হ’ব। প্ৰত্যাহবানৰ মাজেৰে কাম কৰি যোৱা হ’ব। ৰাজ্যবাসীয়ে এখন প্ৰ’-এক্টিভ চৰকাৰ লাভ কৰিব। নিশা ১২ বজাতো চৰকাৰ সক্ৰিয় থাকিব। দুপৰীয়া ১২ বজাতো আৰু পুৱা ৫ বজাতো সক্ৰিয় হৈ থাকিব। অসমৰ অৰ্থব্যৱস্থাৰ সন্দৰ্ভত তেওঁ কয় যে ৰাজকোষত বৰ্তমান ৭ হাজাৰ কোটি টকা আছে। এই ধনেৰে উন্নয়ন-বিকাশ সাধনৰ কাম কৰিব পৰা যাব। দেশৰ ভিতৰতে অসমৰ আৰ্থিক সংকট সুস্থিৰ অৱস্থাত আছে। তেওঁ কয়- আগন্তুক পাঁচ বছৰত অমীমাংসিত প্ৰশ্নসমূহ মীমাংসা কৰাৰ চেষ্টা কৰা হ’ব। ৰাজ্যত চলি থকা মহিলা নিৰ্যাতন-ধৰ্ষণৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে আই-মাতৃ-বাই-ভনী সকলোৱে অসমত সুৰক্ষিত অনুভৱ কৰিব লাগিব। মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন-ধৰ্ষণৰ অপৰাধীক শাস্তি প্ৰদান কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ’ব। এই ঘটনাসমূহৰ লগত জড়িত থকাসকলে শাস্তি লাভ কৰাটো ৰাইজে দেখা পাব। ইয়াৰ উপৰি তেওঁ কয় যে অসম উন্নত ৰাজ্যৰ দিশে ধাৱমান হৈছে। তীব্ৰ গতিত লক্ষ্যৰ দিশে ধাৱমান হৈছে। প্ৰথম বাজেটতেই ৰাইজে ৰাজ্যক আগুৱাই নিয়াৰ দিশসমূহ দেখা পাব। বিগত পাঁচ বছৰত ৰাজ্যৰ উন্নয়নৰ বাবে যি আন্তঃগাঁথনি তৈয়াৰ কৰিছিলো, এতিয়া তাৰ পৰা লক্ষ্যত উপনীত হোৱাৰ কাম কৰিম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here