Home অসম বঙাইগাঁৱৰ কেইবাটাও প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

বঙাইগাঁৱৰ কেইবাটাও প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

38
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ নৱেম্বৰ ঃ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত অনুষ্ঠিত তেওঁৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পিছত দিনজোৰা কাৰ্যসূচীৰে বৃহত্তৰ বঙাইগাঁও চহৰৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভণি তথা আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও চহৰৰ বৰবজাৰস্থিত কেন্দ্ৰীয় বজাৰৰ উন্নয়নৰ অৰ্থে আজি ইয়াৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে৷ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ১৬.৬৮ কোটি টকা ব্যয়েৰে ভূমি মহলাসহ ৬ মহলীয়া চিলাৰায় কেন্দ্ৰীয় বজাৰখনৰ নিৰ্মাণৰ উদ্যোগ লোৱা হৈছে৷ ২১২৩.৭৮ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ’বলগীয়া অত্যাধুনিক বাণিজ্যিক চৌহদ বঙাইগাঁও চহৰৰ বিকাশ সাধনৰ লগতে অনুকূল বাণিজ্যিক বাতাৱৰণৰ সৃষ্টিতো সহায় কৰিব৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে বীৰঝৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে বিল্ডিং এজ লাৰ্নিং এইড আঁচনিৰ অধীনত এখন বিশাল ৰে’লৰ আৰ্হিৰে নতুন ৰূপ দিয়া বীৰঝৰা ছোৱালী উচ্ছ মাধ্যমিক বিদ্যালয়খনো পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত কিছুসময় অতিবাহিত কৰাৰ লগতে মত বিনিময় কৰে৷ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰীয়ে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ সৈতে আলোচনা কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু অধিক উন্নত কৰাৰ দিশত ভৱিষ্যতে পদক্ষেপ লোৱা হ’ব বুলি কয়৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বঙাইগাঁৱৰ দেউৰীপাৰাত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ ‘সম্পূৰ্ণ’ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰি উলিওৱা ল’ কষ্ট বায়’ফ্লক ইউনিট উদ্বোধন কৰি চাৰিটা প্ৰজাতিৰ মাছৰ পোনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে৷ একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মৎস্য বিপণনত সহায়ক হোৱাকৈ প্তটা মহিলা আত্মসহায়ক গোটলৈ বৰফৰ বাকচসহ পাঁচখন তিনিচকীয়া বাহন আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ বঙাইগাঁও ভ্ৰমণ কালত মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও চহৰৰ সৌন্দৰ্যবৰ্ধনত বিশেষ মাত্ৰা প্ৰদান কৰি বীৰ চিলাৰায় উৰণ সেতুৰ কাষত নিৰ্মাণ কৰা ‘ক্লক টাৱাৰ’ আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বল কৰি উদ্বোধন কৰে৷ ক্লক টাৱাৰটো পঞ্চদশ বিত্ত আয়োগৰ অনুদানেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যানত প্ৰকল্প সমৃদ্ধিৰ অধীনত নিৰ্মাণ কৰা ৰাজহুৱা একুৱাৰিয়াম আনুষ্ঠানিকভাৱে ৰাইজলৈ উৎসৰ্গিত কৰে৷ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও আৱৰ্ত ভৱনত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিক সাক্ষাৎ কৰি মত বিনিময় কৰে৷ অনুষ্ঠানসমূহত মীন, বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলাৰ উপায়ুক্তকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here