Home Main Stories অসমৰ মুখ্যমন্ত্ৰী, উদ্যোগ আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গণ অধিকাৰ...

অসমৰ মুখ্যমন্ত্ৰী, উদ্যোগ আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গণ অধিকাৰ মিডিয়া নেটৱৰ্কৰ সঞ্চালকৰ অসমবাসীলৈ ঈদ-উল-আজহাৰ শুভেচ্ছাবানী

198
0

গুৱাহাটী, ২১ জুলাই ২০২১ঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঈদ-উজ-জুহা উপলক্ষে মুছলমান সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰে। ঈদৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় “ঈদ-উজ-জুহা হৈছে সমগ্ৰ বিশ্বতে ইছলামধৰ্মী অনুগামীসকলে উদযাপন কৰা এক পবিত্ৰ উৎসৱ আৰু এই উৎসৱে ত্যাগ আৰু সহানুভূতিৰ ধাৰণা শিকায় আৰু আমাক ঘৃণা, লোভ আৰু শত্ৰুতাৰ দৰে নেতিবাচক অনুভূতিৰ ওপৰত জয় লাভ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। এইটো বিশ্বভ্ৰাতৃত্বৰ বন্ধন উদযাপন কৰাৰ এক উপলক্ষ।” মুখ্যমন্ত্ৰীয়ে লগতে বলিদান উৎসৱ পালন কৰাৰ সময়ত কোভিড-১৯ প্ৰটোকল বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ঈদ-উজ-জুহা বাৰ্তাত অসমৰ উদ্যোগ আৰু বাণিজ্য আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে “ইদ-উল-জুহা হৈছে এক পবিত্ৰ উৎসৱ যি চিৰন্তন প্ৰেম, শান্তি আৰু মানৱ সেৱাৰ প্ৰতীক” আৰু লগতে কয় যে এই উৎসৱে “ভাতৃত্ববোধ, সহানুভূতিৰ বন্ধন শক্তিশালী কৰিব আৰু ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰিব।”

বিশিষ্ট মিডিয়া প্ৰকাশক আৰু গণ অধিকাৰ মিডিয়া নেটৱৰ্কৰ জ্যেষ্ঠ সম্পাদক শ্বাহজাহান তালুকদাৰে পৱিত্ৰ ঈদ-উজ-জুহা উপলক্ষে ৰাজ্যজুৰি আৰু ইয়াৰ বাহিৰৰ লোকসকললৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। প্ৰখ্যাত সমাজকৰ্মী তালুকদাৰে সমাজৰ প্ৰচাৰক আৰু সামাজিকভাৱে দায়বদ্ধ ব্যক্তিসকলক পবিত্ৰ উৎসৱ পালনৰ সময়ত চৰকাৰ আৰু চিকিৎসা কৰ্তৃপক্ষৰ কোভিড সামাজিক প্ৰটোকল কঠোৰভাৱে পালন কৰিবলৈ সম্প্ৰদায়টোক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here