Home Main Stories শীঘ্ৰেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : মন্ত্ৰীমণ্ডলৰ তালিকা লৈ দিল্লীত মুখ্যমন্ত্ৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰে...

শীঘ্ৰেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : মন্ত্ৰীমণ্ডলৰ তালিকা লৈ দিল্লীত মুখ্যমন্ত্ৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰে গুৰুত্বপূৰ্ণ বৈঠক

227
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্তেম্বৰ : শীঘ্ৰেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ বাবে তালিকা লৈ দিল্লীত উপস্থিত হৈছে। উল্লেখ্য যে বিজেপিৰ কে’বাজনো বিধায়কে মন্ত্ৰিত্বৰ আশাৰে ৰৈ আছে। ইয়াৰ ভিতৰত বিধায়ক ৰঞ্জিত দত্ত অন্যতম। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১৪জনীয়া মন্ত্ৰী মণ্ডলৰ সম্প্ৰসাৰণ ঘটোৱাক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা অব্যাহত আছিল। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, ঊৰ্খাও গৌড়া ব্ৰহ্ম, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্ত, ৰণোজ পেগু, অশোক সিংঘাল, যোগেন মোহন, সঞ্জয় কিষাণ, অজন্তা নেওগ, পীয়ূষ হাজৰিকা আৰু বিমল বৰাক কেবিনেট মন্ত্ৰী হিচাপে মৰ্যাদা দিছিল। ১৪জনীয়া মন্ত্ৰী মণ্ডলেৰে ১০০ দিনৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ পিছত এতিয়া চৰকাৰৰ অধিক সক্ৰিয় কাম-কাজৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ প্ৰসংগ আহি পৰিছে। উল্লেখ্য যে জ্যেষ্ঠ বিজেপি বিধায়ক ৰঞ্জিত দত্ত আৰু অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নতুন সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰাক লৈ বিভিন্ন  গুণগুণনি উঠা পৰিলক্ষিত হৈছিল। ইপিনে, আজি নতুন মন্ত্ৰীসভাৰ তালিকা লৈ দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰায় দুঘণ্টা ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ আলোচনাত বহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জানিব পৰা অনুসৰি মন্ত্ৰীসভাৰ লগতে ৰাজ্যৰ নিগম-নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি সন্দৰ্ভতো আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বই সম্প্ৰসাৰিত মন্ত্ৰী মণ্ডলৰ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকাখন লৈয়েই দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাই তালিকা নিৰীক্ষণ কৰি ছীল-মোহৰ মাৰিলেই নিশ্চিত হৈ পৰিব মন্ত্ৰী মণ্ডলৰ নতুন মুখ। উল্লেখ্য যে শপত লোৱাৰ পিছত মন্ত্ৰিত্ব লাভ কৰি সঠিকভাৱে কাৰ্য সম্পাদন নকৰা মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন কৰা হ’ব বুলি যি গুণাগথা চলি আছে তাৰ এক বিপৰীত ছবিহে পৰিলক্ষিত হৈছে। বিশেষ সূত্ৰে জানিব পৰা অনুসৰি মন্ত্ৰী মণ্ডলৰ সাল-সলনি ঘটোৱা হ’ব যদিও কৰ্তন নহয় মন্ত্ৰিত্ব। দক্ষতাৰে কৰ্ম সম্পাদন কৰিব নোৱাৰা মন্ত্ৰীসকলক আৰু সুযোগ দিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক সময়ত দক্ষতাৰ পৰিচয় দিব নোৱাৰা মন্ত্ৰীসকলক নিজকে সলনি কৰি ক্ষিপ্ৰতাৰে কাম কৰাৰ সুযোগ দিব বিচাৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। আজি নিশা বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নড্ডাৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাতৰি লিখা পৰলৈকে জানিব পৰা অনুসৰি মন্ত্ৰী মণ্ডলৰ তালিকা লৈ জে পি নড্ডাৰ বাসগৃহ অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনেক্ষেত্ৰত কাইলৈৰ ভিতৰত নিশ্চিত হৈ পৰিব কোন কোন নতুন মুখ দেখা যাব মন্ত্ৰী মণ্ডলত। আনহাতে শীঘ্ৰেই ৰাজ্যত নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তিও ঘোষণা কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here