Home গুৱাহাটী সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

74
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীস্থিত ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে অতিশীঘ্ৰে মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ ৰাজ্যৰ মুখ্য সচিবক আজি নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে এই সমাধিক্ষেত্ৰখন কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰোপিত বন্ধৰ পিছত বৰ্তমানলৈ দৰ্শনাৰ্থীৰ বাবে খোলা হোৱা নাছিল। এই সম্বন্ধে ‘নিয়মীয়া বাৰ্তা’ কাকতখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্ৰই ‘সম্পাদকলৈ চিঠি’ শিতানত যোৱা ১৮ নৱেম্বৰত এখন পত্ৰৰ জৰিয়তে বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই সকলো দিশ বিবেচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সুধাকণ্ঠৰ স্মৃতিসম্বলিত এই সমাধিক্ষেত্ৰখন দৰ্শনাৰ্থীসকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পদক্ষেপ ল’বলৈ ৰাজ্যৰ মুখ্য সচিবগৰাকীক আজি নিৰ্দেশ প্ৰদান কৰিছে, যাতে দৰ্শনাৰ্থীসকলে স্বাস্থ্যসন্মত বিধি-বিধান মানি এই সমাধিক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here