Home Main Stories ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ডেৰ শতাধিক বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰীৰ সৌহাৰ্দ্যপূৰ্ণ...

ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ডেৰ শতাধিক বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰীৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক

226
0

খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰাজিৰ অধ্যয়নৰ বাবে ৮টা উপ-গোট গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জুলাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ‘আলাপ-আলোচনা— ধৰ্মীয় সংখ্যালঘুসকলৰ সবলীকৰণ’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা ডেৰশ গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আয়োজিত এই বৈঠকত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্ৰভাৱিত কৰা বহুকেইটা আৰ্থ-সামাজিক দিশৰ ওপৰত আলোচনা কৰা হয়। আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যখনৰ সামগ্ৰিক বিকাশক এক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে আজি এই বিশেষ কাৰ্যসূচী আয়োজন কৰিছে। খিলঞ্জীয়া মুছলমানসকলক বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি তেওঁ কয় যে নিজস্ব সাংস্কৃতিক পৰিচয় অটুট ৰাখি ৰাজ্যখনৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ খিলঞ্জীয়া মুছলমানসকলৰ বিকাশৰ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰি তুলিব লাগিব। বৈঠকত খিলঞ্জীয়া মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, চিকিৎসক, অধিবক্তা, সমাজকৰ্মী তথা সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে নিজ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে হাতত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত চৰকাৰলৈ যাৱতীয় দিহা-পৰামৰ্শ আগবঢ়ায়। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমানসকলৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব খোজা জনসংখ্যা নীতিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি এই সন্দৰ্ভত চৰকাৰলৈ প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়াই যাব বুলি তেওঁলোকে মন্তব্য কৰে। আলোচনাকালত বক্তাসকলে ৰাজ্যৰ বিধানসভা বা প্ৰস্তাৱিত উচ্চ সদনত খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰা, আজান পীৰ চাহেব, শৰাইঘাট ৰণৰ বীৰ বাঘ হাজৰিকা, শ্বহীদ মুজাম্মিল হক আদিকে ধৰি খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয়, ঐতিহাসিক আৰু অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতি ৰক্ষাৰ্থে পদক্ষেপ গ্ৰহণ কৰা, ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ সুকীয়া জৰীপৰ ব্যৱস্থা কৰা আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অংশগ্ৰহণকাৰীসকলক অৱগত কৰে যে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিভিন্ন সমস্যা যেনে শিক্ষা, স্বাস্থ্য, দক্ষতা উন্নয়ন, সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, মহিলা সবলীকৰণ, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়ত অধ্যয়নৰ বাবে সম্প্ৰদায়টোৰ প্ৰতিনিধিসকলক লৈ ৰাজ্য চৰকাৰে ৮টা উপ-গোট গঠন কৰিব। সম্প্ৰদায়টোৰ এগৰাকী ব্যক্তিক অধ্যক্ষ আৰু এগৰাকী চৰকাৰী বিষয়াক সদস্য সচিব হিচাপে লৈ গঠন কৰিবলগীয়া এই উপ-গোটসমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নিৰ্দিষ্ট বিষয় সন্দৰ্ভত বিস্তৃত আলাপ-আলোচনাৰ অন্তত তিনি মাহৰ পাছত তেওঁলোকৰ পৰামৰ্শাৱলীসহ প্ৰতিবেদন দাখিল কৰিব। এই পৰামৰ্শাৱলীৰ ভিত্তিত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সমাজৰ সবলীকৰণৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিব আৰু পৰৱৰ্তী ৫ বছৰৰ ভিতৰত ইয়াক ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিব। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, পদ্মশ্ৰী এলি আহমেদ, চৈয়দ এছ কে আলম, ৱাছবিৰ হুছেইন, ড০ এছ আই আহমেদ, নেকিবুৰ জামান আদিকে প্ৰমুখ্য কৰি বহুসংখ্যক বক্তাই নিজৰ বক্তব্য আগবঢ়ায়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ডেৰ শতাধিক বিশিষ্ট ব্যক্তিৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here